Local, Vocal, Global

Assam CM big announcement on online trading : কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

নিউজ ডেস্ক,১৪ছেপ্তেম্বৰ : কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা(Assam CM big announcement on online trading)। শুকুৰবাৰে কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীয়ে কয় যে, ‘ট্ৰেডিং প্ৰবঞ্চনাৰ গোচৰ CBIক দিম।ট্ৰেডিং প্ৰবঞ্চনাৰ ৩২টা গোচৰ ৰুজু হৈছে।আটাইকেইটা গোচৰৰ তদন্তৰ দায়িত্ব CBIক দিয়া হ’ব। নতুন গোচৰ ৰুজু হ’লেও CBIয়েই কৰিব তদন্ত। CBIএ ইতিমধ্যে সন্মতি প্ৰকাশ কৰিছে। গোচৰ হস্তান্তৰ কৰিবলৈ প্ৰায় এমাহ সময় লাগিব।’

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, দিল্লীত অমিত শ্বাহক সাক্ষাৎ কৰি বিষয়টো অৱগত কৰোৱা হৈছে আৰু গোচৰসমূহ CBIক হস্তান্তৰ কৰাৰ পোষকতা কৰাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী সন্মত হৈছে। লগতে ৰাজ্য চৰকাৰৰ মুখ্য সচিবেও CBIৰ সঞ্চালকৰ সৈতে বিষয়টো আলোচনা কৰিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে এই গোচৰৰ তদন্ত কৰিবলৈ সন্মতি জনাইছে।’

লগতে পঢ়ক :Upendranath Sarma Passed Away: বিশিষ্ট সমালোচক, অধ্যাপক পণ্ডিত উপেন্দ্ৰনাথ শৰ্মাৰ দেহাৱসান