Local, Vocal, Global

Assam CM announces transparency measures in ADRE 2024 : ADRE পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

নিউজ ডেস্ক,২২ছেপ্তেম্বৰ : প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বই শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা।

সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয়, ১৫ ছেপ্তেম্বৰত অনুষ্ঠিত হৈ যোৱা তৃতীয় বৰ্গৰ পৰীক্ষাৰ অ‘ এম আৰ শ্বীট ছেবাৰ কাৰ্যালয়ত আবেদন কৰি ইয়াৰ ফটো কপি সংগ্ৰহ কৰিব পাৰিব। অহা ২৭ ছেপ্তম্বৰৰ পৰা ছেবাৰ বেৱচাইটত প্ৰাৰ্থীয়ে আবেদন কৰি সংগ্ৰহ কৰিব পাৰিব হৈ যোৱা পৰীক্ষাৰ অ’ এম আৰ শ্বীটৰ ফটো কপি।

অৱশ্যে ইয়াৰ বাবে প্ৰাৰ্থীয়ে দিব লাগিব ৫০ টকা মাচুল। এই অ’ এম আৰ শ্বীটৰ জৰিয়তে প্ৰাৰ্থীয়ে ঘৰতে উত্তৰবোৰ বিচাৰি ল’ব পাৰিব। কাৰ, ক’ত, কি ভুল – শুদ্ধ হৈছে সকলো চাব পাৰিব। দুই- এদিনৰ ভিতৰতে ছেবাই ৰাজহুৱা কৰিব লগা বিজ্ঞাপনত ইয়াৰ সবিশেষ উল্লেখ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই জানিবলৈ দিয়ে(Assam CM announces transparency measures in ADRE 2024)।

ইয়াৰোপৰি মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে যে, অহা ২৮ ছেপ্তেম্বৰত ছেবাৰ ৱেবচাইত উক্ত পৰীক্ষাৰ উত্তৰৰ সবিশেষ প্ৰকাশ কৰিব। ইয়াৰ জৰিয়তে প্ৰশ্নসমূহৰ উত্তৰবোৰ চাব পাৰিব। অ’ এম আৰ শ্বীত আৰু এনচাৰ কীৰ সৈতে মিলাই পৰীক্ষাৰ্থীয়ে ঘৰতে বহি গণনা কৰিব পাৰিব কিমান নম্বৰ পাব। ক’ত, কি শুদ্ধ হ’ল, ভুল হ’ল ইয়াৰ জৰিয়তে সকলো চাব পাৰিব।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, পৰীক্ষাৰ্থীৰ যদি উল্লেখিত প্ৰক্ৰিয়াসমূহতো আঁসোৱাহ থাকে তেন্তে আৰ টি আই কৰি চাব পাৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে। অৱশ্যে আৰ টি আই প্ৰক্ৰিয়াৰ বাবে ৫০০ টকা মাচুল দিব লাগিব। যদিহে আপুনি বিচৰা প্ৰশ্নৰ উত্তৰটো শুদ্ধ হয় নাইবা ছেবাৰ ভুল হয় তেন্তে সেই মাচুল আপুনি ছেবাৰ পৰা ঘূৰাই পাব বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক :Sensational Incident : দাৰে ঘপিয়াই হত্যা মাছ বেপাৰীক