Assam CM Announces Major Recruitment Drives and Examination Dates : তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ দিন ঘোষণা

নিউজ ডেস্ক,৯জুলাই : তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ দিন ঘোষণা । সোমবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে এই কথা ঘোষণা কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে, এই বৰ্ষৰে ১৫, ২২, ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত হব তৃতীয় বৰ্গৰ পৰীক্ষা আৰু চলিত বৰ্ষৰে ২০ আৰু ২৭ অক্টোবৰত অনুষ্ঠিত হব চতুৰ্থ বৰ্গৰ পৰীক্ষা।
এই পৰীক্ষাসমূহ অসম লোকসেৱা আয়োগৰ আৰ্হিত অনুষ্ঠিত হব ।
ইফালে আৰক্ষীৰ শাৰীৰিক পৰীক্ষা অহা ৩অক্টোবৰত অনুষ্ঠিত হব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম আৰক্ষীত ৬,৪৩৪টা পদৰ বাবে নিযুক্তি দিব চৰকাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, তৃতীয় বৰ্গৰ পৰীক্ষা তিনিটা পৰ্যায়ত অনুষ্ঠিত হব(Assam CM Announces Major Recruitment Drives and Examination Date)।
প্ৰাৰম্ভিক, মূল আৰু সাক্ষাতকাৰ পৰ্ব অনুষ্ঠিত হব তৃতীয় বৰ্গৰ বাবে। উল্লেখ কৰা প্ৰয়োজন যে, বিগত কেইটামান দিনৰ আগৰে পৰাই দিনটোৰ বিশেষ গুৰুত্বপূৰ্ণ কাৰ্যকলাপক লৈ প্ৰতিনিশাই ফেচবুক লাইভত আহে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
লগতে পঢ়ক : Homeopathy College Vice Principal Dies By Suicide : গুৱাহাটী হোমিঅ’পেথিক কলেজৰ উপাধ্যক্ষৰ চিপ লৈ আত্মহত্যা