Assam CM addresses press conference:১০ মে’ত ৩৫ হাজাৰ নিবনুৱাই পাব নিয়োগ পত্ৰ :কেবিনেটত সিদ্ধান্ত
নিউজ ডেস্ক,২৭অক্টোবৰ : দেওবাৰে জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক।
কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদ মেল সম্বোধন কৰে।
সংবাদমেলৰ জৰিয়তে কেবিনেট বৈঠকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহৰ বিষয়ে উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে(Assam CM addresses press conference)।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল যোগে ADREৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভত উল্লেখ কৰে।সংবাদ মেল যোগে উল্লেখ কৰা অনুসৰি…
ফেব্ৰুৱাৰীত ঘোষণা হ’ব ADR পৰীক্ষাৰ ফলাফল। ১০ মে’ত ৩৫ হাজাৰ নিবনুৱাই পাব নিয়োগ পত্ৰ। ADRৰ মৌখিক পৰীক্ষাৰ বাবে এটা পদৰ বিপৰীতে দুজনক বাচনি কৰা হ’ব।
মে’ মাহত ADRE 3.0ৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন। নতুন আৰু ১৫ হাজাৰ চাকৰিৰ বিজ্ঞাপন দিয়া হ’ব।
ডঃ হিমন্ত বিশ্ব শর্মাৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ দিনাই নিযুক্তি প্ৰদান কৰিব ৩৫ হাজাৰ প্ৰাৰ্থীক।