Assam CM accompanied Suresh Bora while filing nomination for Nagaon seat : নগাঁৱৰ লোকসভাৰ প্ৰাৰ্থী সুৰেশ বৰাৰ মনোনয়ন দাখিলত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক,৪এপ্ৰিল : আজি লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিন । আজি অন্তিমটো দিনত মনোনয়ন পত্ৰ দাখিল কৰিব নগাঁৱৰ বিজেপি প্রাৰ্থী সুৰেশ বৰাই। বিশাল ৰেলীৰে মনোনয়ন দাখিল কৰিব বিজেপি প্রাৰ্থীগৰাকীয়ে(Assam CM accompanied Suresh Bora while filing nomination for Nagaon seat) ।
নগাঁৱৰ লোকসভাৰ প্ৰাৰ্থী সুৰেশ বৰাৰ মনোনয়ন দাখিলত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীক সংগ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে মন্ত্ৰী অতুল বৰায়ো। লগতে ৰূপক শৰ্মা, জিতু গোস্বামীয়ে ধৰি কেইবাগৰাকীও বিধায়কে অংশগ্ৰহণ কৰে(Assam CM accompanied Suresh Bora while filing nomination for Nagaon seat)।
নগাঁৱত মুখ্যমনন্ত্ৰী উপস্থিত থাকি ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘নগাঁৱৰ মোদী সুৰেশ বৰা। কংগ্ৰেছ দল এতিয়া পুৰণা নোটৰ দৰে। কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিলেও আমাক একো দিব নোৱাৰে। কংগ্ৰেছৰ কথা চিন্তা কৰি লাভ নাই।’’
ইয়াৰ লগতে ২৬ৰ নিৰ্বাচনৰ আগত সকলোৱে অৰুণোদয় পাব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। লগতে ড০ শৰ্মাই কয়, লাহৰীঘাট, ধিং, মৈৰাবাৰীত মথাউৰি নিৰ্মাণ হ’ল। তিনিটা বছৰত বহু উন্নয়ন হ’ল অসমৰ।’’