Assam Cabinet takes key decision : কেৱল বাইক আৰোহীয়ে হেলমেট নিপিন্ধিলেহে ল’ব পাৰিব জৰিমনা : মুখ্যমন্ত্ৰী
নিউজ ডেস্ক,২৭জুন : কেৱল বাইক আৰোহীয়ে হেলমেট নিপিন্ধিলেহে ল’ব পাৰিব জৰিমনা ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
আজি নলবাৰীত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। নলবাৰী জিলাৰ আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হয় এই বৈঠকত। দিনৰ ১২ বজাৰ পৰা আৰম্ভ হয় কেবিনেট বৈঠক।
একপ্ৰকাৰ মিনি দিছপুৰত পৰিণত হয় আজি নলবাৰী জিলাৰ আয়ুক্তৰ কাৰ্যালয়। দিছপুৰৰ বাহিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া চতুৰ্দশখন কেবিনেট বৈঠক। পূৰ্বে এই কেবিনেট বৈঠকখন ২৬ জুনত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও অম্বুবাচীৰ মেলাৰ শেষৰটো দিন হোৱা হেতুকে বাতিল কৰা হৈছিল বৈঠক। ২৬ জুনৰ পৰিৱৰ্তে আজি অনুষ্ঠিত হয় বৈঠকখন(Assam Cabinet takes key decision)।
নলবাৰীত অনুষ্ঠিত কেবিনেটত ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেবিনেট সিদ্ধান্ত সংবাদ মাধ্যমৰ আগত সদৰী কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় ‘‘দুচকীয়া বাহনৰ আৰোহীক হেলমেটৰ বাহিৰে ক’তো জৰিমনা ল’ব নোৱাৰিব পৰিবহণ বিভাগে। তিনিচকীয়া ক্ষেত্ৰত চাৰিবাৰতকৈ অধিক নিয়ম ভংগ কৰিলে জৰিমনা ল’ব পাৰিব। ৪বাৰলৈ ৱাৰ্ণিং দিব পাৰিব পৰিবহন বিভাগে। তাৰ পিছতো যদি আইন ভংগ কৰিয়েই থাকে ৫ নম্বৰত ল’ব পাৰিব বিহিত ব্যৱস্থা। ইয়াৰ বাবে পৰিবহণ বিভাগক SOP তৈয়াৰ কৰিবলৈ জনোৱা হৈছে।’’
লগতে পঢ়ক : Lekhapani police station SP suspended : ছাত্ৰক প্ৰহাৰ কৰা গুণ্ডাৰূপী SIক নিলম্বন !