Assam CM on Cabinet reshuffle: লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰদবদল নহয় অসম মন্ত্ৰীসভাৰঃ মুখ্যমন্ত্ৰী

নিউজ ডেস্ক, ১৫ জুলাই: লোকসভাৰ নিৰ্বাচনৰ পিছতহে অসম মন্ত্ৰীসভাৰ বৃহৎ সালসলনিৰ সম্ভাৱনা আছে (Assam CM on Cabinet reshuffle)। নতুন দিল্লীত এই কথা স্পষ্ট কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলে, ‘‘লোকসভা নিৰ্বাচনৰ পূৰ্বে অসম মন্ত্ৰীসভাৰ কোনো সম্প্ৰসাৰণ নহয় (Assam Cabinet not to be reshuffled before Lok Sabha elections)। কিন্তু ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক ডাঙৰ পৰিৱৰ্তন থাকিব যদিও লোকসভা নিৰ্বাচনৰ পূৰ্বে অসম মন্ত্ৰীসভাৰ কোনো পৰিৱৰ্তন নহয়।’’
ৰাজ্যিক সভাপতিৰ পৰিৱৰ্তন সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘অসম ৰাজ্যিক বিজেপিৰ সভাপতিৰ পৰিৱৰ্তনো লোকসভা নিৰ্বাচনৰ পূৰ্বে নহয় (Assam State BJP President changes) । ৰাজ্যিক সভাপতিগৰাকীৰ এটা কাৰ্যকাল থাকে আৰু তেনে ক্ষেত্ৰত কেতিয়াও সভাপতিগৰাকী আধাতে সলনি নহয় । তেনে ধৰণৰ প্ৰয়োজন সাধাৰণতে নাথাকে আৰু অসমত ইমানৰ প্ৰয়োজনীয়তাও নাই । আগন্তুক লোকসভা নিৰ্বাচন আমি সুন্দৰকৈ পাৰ কৰিম ।’’
ইফালে দিল্লীৰ বানৰ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘ডাঙৰ ডাঙৰ মহানগৰীত এনেধৰণৰ বান হয়েই । কিছুদিন পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমলৈ গৈ উপলুঙাসূচক মন্তব্য কৰাৰ সময়ত তেখেতেও এনে এক অৱস্থা হ’ব বুলি ভৱা নাছিল । তেখেতৰ লগত দিল্লীখন এবাৰ ফুৰিম বুলি মই ছমাহ ধৰি অপেক্ষা কৰি আছিলো, কিন্তু এই পৰ্যন্ত তেখেতৰ পৰা মই কোনো নিমন্ত্ৰণ নাপালো ।’’
লগতে পঢ়ক : PM Modi leaves for UAE : ফ্ৰান্সৰ ভ্ৰমণ সামৰি ইউ এ ইলৈ যাত্ৰা প্ৰধানমন্ত্ৰী মোডীৰ