Local, Vocal, Global

Assam Cabinet approves 57 recommendations of Clause 6 panel : অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ : অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত ন্যায়াধীশ (অৱসৰযুক্ত) বিপ্লৱ শৰ্মা আয়োগৰ পৰা ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭ টা কাৰ্যকৰী কৰা ক্ষেত্ৰত অসম কেবিনেটে অনুমোদন জনাইছে ।

মুখ্যমন্ত্ৰীয়ে এক্স এক পোষ্টত কয় যে অসমৰ জনসাধাৰণৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে স্বাধীনতাৰ পিচত এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰচেষ্টা হিচাপে পৰিগণিত হ’ব । এক্স পোষ্টত মুখ্যমন্ত্ৰীয়ে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ ৰূপায়ণৰ ক্ষেত্ৰত কেবিনেটে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ওপৰতো আলোকপাত কৰে(Assam Cabinet approves 57 recommendations of Clause 6 panel) ।

তেওঁ উল্লেখ কৰা মতে, ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চল আৰু বৰাক উপত্যকাৰ বাহিৰে এই পৰামৰ্শসমূহ সমগ্ৰ ৰাজ্যতে প্ৰযোজ্য হ’ব । আনহাতে, এই নিৰ্দিষ্ট অঞ্চলবোৰত তাৰ কৰ্তৃপক্ষ আৰু জনসাধাৰণৰ সন্মতিৰ পিচতহে পৰামৰ্শবোৰ কাৰ্যকৰী কৰা হ’ব । কেবিনেটে বাকী ১০ টা পৰামৰ্শৰ বাবে ভাৰত চৰকাৰৰ সৈতে বিতং আলোচনা কৰিব বুলিও কোৱা হৈছে ।

কেবিনেটে লগতে সদৌ অসম ছাত্ৰ সন্থা আৰু অন্যান্য সংগঠনৰ সৈতে আলোচনামৰ্মে ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে এক স্পষ্ট ৰোডমেপ আৰু ৰূপায়ণৰ আন্তঃগাঁথনি প্ৰস্তুত কৰিবলৈ মন্ত্ৰী মণ্ডলীৰ এটা দল গঠন কৰাৰো সিদ্ধান্ত লয় । এই পৰামৰ্শবোৰ ২০২৫ চনৰ ১৫ এপ্ৰিলৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব ।

লগতে পঢ়ক :Assam CM Reaction over online Stock Market, Trading fraud : অনলাইন ট্ৰেডিং সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া