Assam Budget Session : আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিন

নিউজ ডেস্ক, ৬ ফেব্ৰুৱাৰী : আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিন। প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হ’ব সদনৰ কাম-কাজ। আজি বিধানসভাৰ মজিয়াত উত্থাপন হব কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক(Assam Budget Session )।
উল্লেখ্য যে, সোমবাৰৰ পৰা হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন ৷ বাজেট অধিৱেশনৰ প্ৰথম দিনাই লাগিছিল অথন্তৰ । বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে বিধানসভাত বিৰোধীয়ে সৃষ্টি কৰিলে হুলস্থূলীয়া পৰিস্থিতি। ৰাজ্যপালে ১ মিনিট ভাষণ দিয়ে সামৰিবলগীয়া হৈছিল ভাষণ । বিৰোধীৰ প্ৰতিবাদৰ বাবে মাত্ৰ ডেৰ মিনিটতে ভাষণ সামৰিলে ৰাজ্যপালে। তাৰ পিছতে স্থগিত কৰা হৈছিল বিধানসভাৰ বাজেট অধিৱেশন ।