Assam Book Fair begins today:আজিৰে পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা

নিউজ ডেস্ক,২৭ডিচেম্বৰ : আজিৰে পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা ।আজিৰে পৰা ৭ জানুৱাৰীলৈ ১২ দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলা ৷ এইবাৰ চানমাৰিৰ পৰিৱৰ্তে খানাপাৰাত আয়োজন কৰা গ্ৰন্থমেলাৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে(Assam Book Fair begins today)৷
বিয়লি ৩-০০ বজাত অসম গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে সঞ্চালনা কৰা এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসম গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰিব।
এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ ল’ব পশ্চিম বংগৰ বিশিষ্ট ইতিহাসবিদ হিন্দু সেন গুপ্ত, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ধ্ৰুৱজ্যোতি বৰা আৰু দা ফেডাৰেছন অৱ পাব্লিছাৰ্ছ এণ্ড বুক ছেলাৰ্ছ এছ’ছিয়েছন ইন ইণ্ডিয়াৰ সভাপতি সুৰিন্দ্ৰ কুমাৰ ধায়ে। উদ্বোধনী অনুষ্ঠানৰ পাছতে গ্ৰন্থমেলাস্থলীত এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।
লগতে পঢক :Road Accident in Darrang:ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য;তীব্ৰ বেগী ডাম্পাৰে মহতিয়াই নিলে ছাত্ৰক