Local, Vocal, Global

Assam Assembly : ৰাজ্যজুৰি চলি থকা লোডচেডিঙৰ বিৰুদ্ধে প্ৰতিবাদ অখিল গগৈৰ; প্ৰথম দিনাই হাতত লেম্ব আৰু বিচনী লৈ অখিল গগৈৰ প্ৰতিবাদ অসম বিধানসভাত

নিউজ ডেস্ক, ১১ছেপ্টেম্বৰ : আজিৰে পৰা আৰম্ভ বিধানসভাৰ শৰৎকালীন অধিৱেশন। নৱনিৰ্মিত বিধানসভা ভৱনত বিধান সভাৰ শৰৎকালীন অধিৱেশন(Autumn session of Assam Legislative Assembly to begin today in newly constructed building)। অসম বিধানসভাৰ নতুন ভৱনত সোমবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন । ১১ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ চলিব অধিবেশন । এই অধিৱেশনত মুঠ ২৩ খন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। ৮খন নতুন বিধেয়ক আৰু ১৫ খন সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা(Assam Assembly)।

কাৰ্যসূচী অনুসৰি ১১ ছেপ্টেম্বৰৰ প্ৰথম দিনাৰ কাৰ্যসূচীত ২০২৩-২০২৪ বৰ্ষৰ পৰিপূৰক মঞ্জুৰী গ্ৰাণ্ট উত্থাপন কৰা হ’ব । ১৩ ছেপ্টেম্বৰত পৰিপূৰক গ্ৰাণ্টৰ সন্দৰ্ভত মঞ্জুৰী ভোটিং অনুষ্ঠিত হ’ব । ১৪ ছেপ্টেম্বৰত বহুকেইখন চৰকাৰী বিধেয়ক উত্থাপন হ’ব । এই বিধেয়কসমূহৰ ভিতৰত পঞ্চায়তী আইন-১৯৯৪ সংশোধনী বিধেয়কো থকাৰ সম্ভাৱনা আছে(Assam Assembly session starts today in new building ) ।

ৰাজ্যিক কেবিনেটে ইতিমধ্যে পঞ্চায়তী আইনৰ সংশোধন কৰি গাঁও পঞ্চায়তৰ নিৰ্বাচন প্ৰতীকবিহীন কৰাকে ধৰি ভালেখিনি সংস্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ৩৫১ কোটি টকাৰ ব্যয় সাপেক্ষে বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিৰে নিৰ্মাণ কৰা নতুন স্থায়ী ভৱনটোত সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে বিধানসভাৰ শৰৎকালীন অধিৱেশন । অধিৱেশন আৰম্ভ হোৱাৰ প্ৰাকক্ষণত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰা হয়। জাতিৰ পিতাৰ প্ৰতি শ্ৰদ্ধা জনাই আৰম্ভ কৰা হয় অধিৱেশন(Assam Assembly) ।

বিধানসভাৰ শৰৎকালীন অধিৱেশনত শিৱসাগৰৰ বিধায়ক অখিল গগৈক দেখা গ’ল অন্য ৰূপত ।বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথমটো দিনতে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কৰিলে প্ৰতিবাদ। হাতত লেম্প আৰু বিচনী লৈ অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিধায়কগৰাকীয়ে । প্ৰতিবাদত বিধায়ক গৰাকীয়ে কয়, ‘ৰাইজক অতীজৰ দিনলৈ ঘূৰাই পঠিয়াইছে চৰকাৰে। এতিয়া অসমৰ মানুহে বিচনী, লেম্প আদি ল’ব লাগিব।’ বিধানসভা চৌহদত হাতত লেম্প, বিচনী লৈ বিধায়কৰ মন্তব্য। চৰকাৰক শীঘ্ৰে ব্যৱস্থা লোৱাৰ আহ্বান অখিল গগৈৰ।

অখিল গগৈৰ প্ৰতিবাদক লৈ বিধায়ক প্ৰশান্ত ফুকনে কয়, ‘‘বিদ্যুৎ ফেন্সী বজাৰত কিনিব পৰা বস্তু নহয়। অখিল গগৈয়ে বিদ্যুৎ কৰ্তন কৰিলেও প্ৰতিবাদ কৰে, NHPC নিৰ্মাণতো বাধা প্ৰদান কৰে। সকলো এটা ছিষ্টেমত চলিব লাগিব। পানীত নামিছো যেতিয়া হাত–ভৰি আমি মাৰিম।’’

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ পূৰ্বে ৰাজ্যই সন্মুখীন হোৱা বিদ্যুত সংকটক লৈ প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। বিগত কেইসপ্তাহমানৰ পৰা অসমৰ জনসাধাৰণে নিৰন্তৰ বিদ্যুৎ কৰ্তনে অসহ্যকৰ কৰি তুলিছিল।

আনহাতে বিদ্যুতৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে, বৰ্তমান বিদ্যুতৰ প্ৰয়োজনীয়তা ২৫০০ মেগাৱাটৰ। অৱশ্যে তেওঁ নতুন দিল্লীত কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙৰ সৈতে সাক্ষাৎ কৰি অৰ্থনীতিৰ উৎপাদনশীল খণ্ডসমূহৰ বৃদ্ধিৰ ফলত বিদ্যুতৰ চাহিদা ২৬% অভূতপূৰ্ব বৃদ্ধিৰ বিষয়ে অৱগত কৰে। অসমলৈ কমেও ৩ হাজাৰ মেগাৱাট শক্তি আবণ্টন দিয়াৰ কথা চিন্তা কৰাৰ আশ্বাস দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
ইফালে আজি বিধায়ক অখিল গগৈয়ে হাতত লেম্প আৰু বিছনি লৈ বিদ্যুৎ সংকট আৰু উচ্চ শুল্কক লৈ প্ৰতিবাদ সাব্যস্ত কৰে। অল ইণ্ডিয়া বিদ্যুৎ পৰিসংখ্যা (জেনেৰেল ৰিভিউ) ২০২৩ৰ তথ্য উদ্ধৃতি দি বিধায়ক গৰাকীয়ে সাংবাদিকৰ আগত কয় যে অসমত ব্যক্তিগত আৰু কেন্দ্ৰীয়কে ধৰি মাত্ৰ ৫৫৮.৪ মেগাৱাট শক্তি উৎপাদনৰ ক্ষমতা আছে।

‘আজি যেতিয়া আন ৰাজ্যসমূহে ১০০০ কিলোৱাট ঘন্টাতকৈ অধিক বিদ্যুৎ ব্যৱহাৰ কৰি আছে, আমাৰ ৰাজ্যই কেৱল ৩৮৪ কিলোৱাট ঘণ্টাৰ বিদ্যুৎ ব্যৱহাৰ কৰি আছে।’ এই পৰিমাণৰ শক্তি ব্যৱহাৰৰ বাবে চৰকাৰে এতিয়াও কোনো ব্যৱস্থা কৰা নাই বুলিও তেওঁ কয়।

লগতে পঢ়ক :Assam Assembly session : আজিৰে পৰা আৰম্ভ বিধান সভাৰ শৰৎকালীন অধিৱেশ