Local, Vocal, Global

Assam assembly CM Himanta Biswa Sarma request to ULFA(I) :‘মোৰ ঘৰৰ সন্মুখত বোমা ফুটাওক’ লাগিলে মই উৰি;‘‘বোমা ফুটাবলৈ হ’লে মোৰ ঘৰৰ সন্মুখত অথবা মন্ত্ৰী আৱাসৰ উদ্যানত ফুটাওক

নিউজ ডেস্ক,২৭আগষ্ট : আজি অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয়টো দিন ৷ অধিৱেশনৰ দ্বিতীয় দিনটোতে বিভিন্ন প্ৰসংগ লৈ উত্তাল হৈ পৰে সদন(Assam assembly CM Himanta Biswa Sarma request to ULFA I Chief Paresh Baruah)।

আজি সদনৰ মজিয়াত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক উদ্দেশ্যি কেতবোৰ মন্তব্য কৰে ৷ স্বাধীনতা দিৱসৰ দিনা ৰাজ্যৰ ২৫ টাকৈ স্থানত বোমা সংস্থাপিত কৰি থোৱা প্ৰসংগক লৈ আজি সদনত মুখ্যমন্ত্ৰীয়ে পৰেশ বৰুৱালৈ আহ্বান জনাই কয়, ‘‘বোমা ফুটাবলৈ হ’লে মোৰ ঘৰৰ সন্মুখত অথবা মন্ত্ৰী আৱাসৰ উদ্যানত ফুটাওক । পলাশবাৰী বা জাগীৰোডৰ দৰে ঠাইত বোমা নুফুটাব ৷ কাৰণ অসমে ঔদ্যোগিকৰণৰ দিশে গতি লাভ কৰিছে ৷ এনে হ’লে অসম স্থবিৰ হৈ যাব ৷ ফলত ঔদ্যোগিকৰণত বাধা আহি পৰিব ৷’’

১৫ আগষ্ট, ২৬ জানুৱাৰীত লাগিলে মোৰ ঘৰতে বোমা ফুটাওক। লাগিলে ময়ে উৰি যাওঁ। কিন্তু টাটাক অসম এৰি যাবলৈ বাধ্য নকৰিব। সদনত আজি বিভিন্ন বিষয়ৰ লগতে আলফা (স্বাঃ)লৈও মুখ্যমন্ত্ৰীয়ে জনালে এই বিশেষ আহ্বান।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘মই মুখ্যমন্ত্ৰী আজি আছো, কাইলৈ নাই। মই মৰিলে কাৰ কি ক্ষতি? কিন্তু আজি যদি জাগীৰোডত এটা বোমা ফুটে, তেতিয়া কি হ’ব? মই সদনৰ পৰাই আলফা (স্বাঃ)ৰ মুৰব্বীলৈ অনুৰোধ জনাইছো, অসমৰ ১৯ লাখ নিবনুৱাৰ স্বাৰ্থত আপুনি কথাবোৰ ভাবক। আপোনাৰ সংগ্ৰাম কেন্দ্ৰীয় চৰকাৰৰ লগত।’’

হিমন্ত বিশ্ব শৰ্মাই লগতে কয় , ২৬ জানুৱাৰীত বোমা ফুটাব বিচাৰিলে ময়ে আৰক্ষীক ক’ম – মিনিষ্টাৰ কলনীৰ ফিল্ডখনত বোমা ফুটুৱাত বাধা নিদিব। বোমা ফুটাওক। তাত মোৰ আপত্তি নাই(Assam assembly CM Himanta Biswa Sarma request to ULFA I Chief Paresh Baruah)।

লগতে পঢ়ক : Navy team successfully pull out sunken training plane from Jamshedpur Chandil Dam : অৱশেষত উদ্ধাৰ হ’ল জামছেদপুৰৰ পৰা নিৰুদ্দিষ্ট বিমানখনৰ ধ্বংসাৱশেষ