Assam announces stipend scheme ‘Nijut Moina’ for girl students to end child marriage : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে স্বীকৃতি দিলে ‘নিযুত মইনা আঁচনি’ৰ

নিউজ ডেস্ক,১২জুন : এতিয়াৰে পৰা মহাবিদ্যালয়-বিশ্ববিদ্যালয় পঢ়া ছাত্ৰীয়ে হাত খৰচৰ বাবদ প্ৰতিমাহে লাভ কৰিব ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে স্বীকৃতি দিলে ‘নিযুত মইনা আঁচনি’ৰ।
‘নিযুত মইনা আঁচনি’ৰ জৰিয়তে একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলে গৰম বন্ধ দুটা মাহ বাদ দি বাকী মাহত ১০০০ টকাকৈ লাভ কৰিব। দ্বাদশ শ্ৰেণী শেষ নোহোৱা পৰ্যন্ত প্ৰতিমাহৰ ১১ তাৰিখে লাভ কৰিব এই ধন। স্নাতক শ্ৰেণীত পঢ়ি থকাসকলে ১২৫০ টকা আৰু স্নাতকোত্তৰ আৰু বি এডত নামভৰ্তি কৰা ছাত্ৰীসকলে ২৫০০ টকাকৈ মাহেকত লাভ কৰিব।
জানিব পৰা মতে, ১১ অক্টোবৰৰ এই আঁচনিৰ ধন দিয়া হ’ব। এই আঁচনিৰ বাবে ৩০০ কোটি টকা খৰচ কৰা হ’ব। আগন্তক ৫ বছৰলৈ এই আঁচনিৰ ধন ১৫০০ কোটি টকা হ’ব। জুলাইৰ পৰা এই আঁচনিৰ আবেদন বিতৰণ কৰা হ’ব। জুলাইত কলেজসমূহলৈ প্ৰেৰণ কৰা হ’ব প্ৰ-পত্ৰ(Assam announces stipend scheme ‘Nijut Moina’ for girl students to end child marriage)।
এই আঁচনি’ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, উচ্চতৰ মাধ্যমিকত স্কুটী লাভ কৰা ছাত্ৰীসকলে এই সুবিধা লাভ নকৰিব। কোনোবাই ইচ্ছা কৰিলে দুটাৰ ভিতৰত যিকোনো এটা সুবিধা ল’ব কৰিব। সাংসদ, মন্ত্ৰী আৰু বিধায়কৰ ছোৱালীয়ে নাপাব নিযুত মইনা আঁচনিৰ সুবিধা। ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ ছাত্ৰীয়ে এই আঁচনিৰ বাবে কৰিব নোৱাৰিব আবেদন। কিন্তু, ভেঞ্চাৰ মহাবিদ্যালয়ত পঢ়া ছাত্ৰীসকলে এই সুবিধা লাভ কৰিব। বিবাহিতা-কলেজ এৰা ছাত্ৰীয়ে এই সুবিধা লাভ নকৰিব। কিন্তু স্নাতকোত্তৰত বিবাহিত সকলেও লাভ কৰিব এই আঁচনিৰ সুবিধা।
লগতে পঢ়ক : Wife Killed Her Husband : স্বামীক ঘপিয়াই হত্যা; নিজগৃহতে চিপ লৈ আত্মাহত্যা পত্নীৰ