Local, Vocal, Global

Asomiya Yuv Mancha :গাহৰি চিণ্ডিকেট বন্ধ কৰাৰ দাবীৰ লগতে গাহৰি চিণ্ডিকেটৰ সৈতে জড়িত লোকক গ্ৰেপ্তাৰৰ দাবী অসমীয়া যুৱ মঞ্চৰ

গেলেকী,২৭জানুৱাৰী : গাহৰি চিণ্ডিকেট বন্ধ কৰাৰ দাবীৰ লগতে গাহৰি চিণ্ডিকেটৰ সৈতে জড়িত লোকক গ্ৰেপ্তাৰৰ দাবী অসমীয়া যুৱ মঞ্চৰ।

অসমীয়া যুৱ মঞ্চৰ আমগুৰি আঞ্চলিক সমিতিৰ কাৰ্যালয়ত এই সন্দৰ্ভত অনুষ্ঠিত হয় সংবাদমেল।

সংবাদমেল সম্বোধন কৰে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক আকাশ শইকীয়াই(Asomiya Yuv Mancha)।

আকাশ শইকীয়াই সংবাদমেলত কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাতি ,মাটি,ভেটিৰ কথা বাদ দি গাহৰি বজাৰ খন থাইলেণ্ডৰ চি,পি গ্ৰুপ নামৰ এটা কোম্পানীক গতাই দিয়াৰ যো জা চলাইছে।

গাহৰিত হাত নিদিব” গাহৰিত উজনি অসমৰ আবেগ জড়িত হৈ আছে।সকলো মানুহ মৰক আপোনাৰ পেটটো ভৰক বুলি চিন্তা নকৰিব” আপোনাৰ এই সিদ্ধান্তৰ ফলত থলুৱা গাহৰি পালক সকল হতাশগ্ৰস্ত হৈ পৰিছে।

কোনো কাৰণতে গাহৰি বজাৰ খন বনিক গোষ্ঠীক গতাই নিদিবলৈ মুখ্যমন্ত্ৰীক আহ্বান অসমীয়া যুৱ মঞ্চৰ।

থলুৱা গাহৰি পালক সকলক পেটে ভাতে মৰাৰ চক্ৰান্তত নানামিবলৈ মুখ্যমন্ত্ৰীলৈ সংবাদমেলৰ জৰিয়তে আহ্বান জনালে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক আকাশ শইকীয়াই।