Local, Vocal, Global

Asom Sahitya Sabha celebrates memorial day: ভাষাবিদ ড° লীলাৱতী শইকীয়া বৰালৈ ভাষা শ্বহীদ সূৰ্য বৰা বঁটা

নিউজ ডেস্ক,৯ জুলাইঃ অসমী আইৰ সুযোগ্য সন্তান, ভাষা আন্দোলনৰ পঞ্চমগৰাকী ছহিদ, কবি- গীতিকাৰ, নাট্যকাৰ, অভিনেতা, সাংবাদিক সূৰ্য বৰা দেৱক ৬৪ সংখ্যক স্মৃতি দিৱসটি অসম সাহিত্য সভাই কেন্দ্ৰীয়ভাৱে জাগীৰোডৰ বাঘজাপস্থিত শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয়ত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে। মৰিগাঁও জিলা সাহিত্য সভাৰ সহযোগত আৰু জাগী ভকতগাঁও শাখা সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত সভাৰ আৰম্ভণিতে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াই পতাকা উত্তোলন কৰে।

ইয়াৰ পিছতে বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ আৰু ছহিদ গৰাকীৰ প্ৰতিছবিত মাল্যৰ্পন কাৰ্যসূচী ৰূপায়ণ কৰে। তাৰপিছত দেশপ্ৰেমূলক কবিতা আবৃত্তি অনুষ্ঠানত বিভিন্ন শাখাৰ কেইবাগৰাকীও কবিয়ে কবিতা আবৃত্তি কৰে। শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে শ্বহীদ গৰাকীৰ জীৱন আধাৰিত আলেখ্য মঞ্চস্থ কৰে। অসম সাহিত্য সভাৰ ৰামধেনু উপ- সমিতিৰ আহ্বায়ক ড° অজিত প্ৰসাদ শৰ্মাই সঞ্চালনা কৰা অনুষ্ঠানটি জাগীৰোড সুৰ দেউল সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পৱন চন্দ্ৰ গগৈয়ে উদ্বোধন কৰে। (The event was moderated by Dr. Ajit Prasad Sharma, Convener, Ramdhenu Sub-Committee of Asom Sahitya Sabha and inaugurated by Dr. Pawan Chandra Gogoi, Principal, Jagiroad Sur Deul Music College).

আনহাতে অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্যকান্ত হাজৰিকাৰ পৌৰোহিত্যত মুকলি সভা অনুষ্ঠিত হয়। সভা উদ্বোধন কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি ডা: গিৰিশ সন্দিকৈয়ে । সভাত ভাষাবিদ ড° লীলাৱতী শইকীয়া বৰাক ভাষা শ্বহীদ সূৰ্য বৰা বঁটা প্ৰদান কৰে।(In the meeting, linguist Dr. Lilavati Saikia bora was given the Bhasha Shaheed Surya Bara Award). বঁটাত আছে গামোচা,চেলেং, পিতলৰ জাপি, স্মাৰক আৰু অভিনন্দন পত্ৰ। সভাত জয়ন্ত সাগৰ শইকীয়া সম্পাদিত ভাষা ছহিদ সূৰ্য বৰা স্মাৰক গ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্যকান্ত হাজৰিকাই।

লগতে পঢ়কঃ Minor rape case in Jamugurihat: পঞ্চাশ বছৰীয়া ব্যক্তিৰ কামনাৰ বলী হ’ল ১৪ বছৰীয়া নাৱালিকা