Prathmik Shikshak Sanmilani Programme : প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবী শিক্ষক সন্মিলনীৰ

বৰপেটা, ১৮ জুন : বৰপেটাত জিলাখনৰ কেবাটাও জাতীয় সংগঠনৰ সৈতে প্ৰাথমিক শিক্ষক সন্মিলনীৰ এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হৈ যায়(Prathmik Shikshak Sanmilani Programme) । অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বান মৰ্মে দেওবাৰে প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত বৰপেটা আৰু বজালী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে জাতীয় সংগঠন সমূহৰ সৈতে মত বিনিময় কৰে(Asom Rajyik Prathmik Shikshak Sanmilani demand creation) ।
বৰপেটা ৰাইনো ক্লাবত অনুষ্ঠিত এই মত বিনিময় অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ পৰিষদ, বৰপেটা সচেতন নাগৰিক মঞ্চ, মজলীয়া শিক্ষক সন্থা, বৰপেটা ৰাইনো ক্লাব আদিকে ধৰি কেবাটাও সংগঠনৰ সৈতে মত বিনময় কৰে ৷ মূলতঃ প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষক পদ সৃষ্টিৰ দাবীৰ প্ৰতি সমৰ্থন বিচাৰি এনেদৰে মত বিনময় অনুষ্ঠানৰ আয়োজন কৰে শিক্ষক সন্মিলনীয়ে ৷
উল্লেখ্য যে, ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত শিক্ষক সন্মিলনীয়ে ১৯৮২ চনৰ পৰাই আন্দোলন কৰি আহিছে । তৎস্বত্তেও কোনো এখন চৰকাৰেই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ এই দাবী পূৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷
চৰকাৰৰ সৈতে বাৰম্বাৰ আলোচনাৰ পিছতো কোনো ফলপ্ৰসূ নোহোৱাত অৱশেষত প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৰাজ্যৰ জাতীয় দল-সংগঠন সমূহৰ সহযোগিতা আৰু আন্দোলনৰ দাবীৰ প্ৰতি সমৰ্থন বিচাৰি এই কাৰ্যসূচী গ্ৰহন কৰিছে ৷
ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰালৈকে প্ৰধান শিক্ষকৰ দায়িত্ব পালন নকৰাৰ হুংকাৰ দিয়ে শিক্ষক সন্মিলনী সন্থাই ।
লগতে পঢ়ক : Gana Suraksha Partys : বাক্সাত গঠন হ’ল গণ সুৰক্ষা পাৰ্টিৰ বাক্সা জিলা যুৱ মৰ্চা