Asian Games 2023 Day 11 : আজি এছিয়ান গেমছৰ ফাইনেলত নামিব লাভলীনা বৰগোহাঁই আৰু নীৰাজ চোপ্ৰা
ইণ্টাৰনেশ্যনেল ডেস্ক, ৪অক্টোবৰ : চীনত অনুষ্ঠিত এছিয়ান গেমছ ২০২৩ৰ সমাপ্ত হ’বলৈ চাৰিটা দিন বাকী(Asian Games 2023 Day 11) ।
এছিয়ান গেমছ মেডেল তালিকাত ভাৰত চতুৰ্থ স্থানত আছে । বৰ্তমানলৈ ভাৰতে ১৫ টা সোণৰ পদকৰ লগতে মুঠ ৬৯ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। বুধবাৰে অসম কন্যা লাভলীনা বৰগোহাঁই স্বৰ্ণ জয়ৰ যুঁজত নামিব । আজি বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই পুৰুষৰ জেভলিন থ্ৰোৰ ফাইনেলত (Javelin Throw Finals) স্বৰ্ণ পদক জয়ৰ লক্ষ্য ৰাখিব।
আজি দিনৰ ১.১৫ বজাত ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোহাঁই।লাভলীনাৰ সন্মুখত থাকিব চীনৰ প্ৰতিদ্বন্দ্বী লী কুইন।বক্সাৰ লাভলিনা বৰগোহাঁইয়ে (Lovlina Borgohain) চীনৰ লি কিয়ানৰ বিৰুদ্ধে মহিলাৰ ৭৫ কিলোগ্ৰাম বক্সিং শাখাৰ ফাইনেলত প্ৰতিদ্বন্দিতা কৰিব। ইফালে ভাৰতীয় পুৰুষ হকী দলেও ছেমি ফাইনেল খেলিব । ভাৰতীয় পুৰুষ হকী দলে (Indian Men’s Hockey Team) দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে ছেমিফাইনেল খেলিব(India’s Asian Games Fixtures for Today)।
আনহাতে ভাৰতৰ পুৰুষ দলে কাবাডীত থাইলেণ্ডক ৬৩-২৬ গ’লত পৰাস্ত কৰি টীম ইণ্ডিয়াই (Team India) ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় পুৰুষ হকী দলে ছেমিফাইনেলত কোৰিয়াৰ বিৰুদ্ধে মুখামুখি হ’ব। বুধবাৰে এথলেটিকছ ইভেণ্টৰ ভিতৰত ভাৰতীয় পুৰুষ আৰু মহিলাৰ ৪×৪০০ মিটাৰ ৰিলে দলেও প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব । ইয়াৰ উপৰি অবিনাশ চেবলো ৫০০০ মিটাৰ দৌৰত অৱতীৰ্ণ হ’ব ।
মহিলাৰ ৫৭ কিলোগ্ৰামত পাৰবীন হুডাও ছেমি ফাইনেল খেলিবলৈ ৰিংত প্ৰৱেশ কৰিব । ইফালে ভাৰতীয় পুৰুষ হকী দলে কোৰিয়াৰ বিৰুদ্ধে ছেমি ফাইনেল খেলিব ।
উল্লেখ্য যে মঙলবাৰে ভাৰতে দুটা স্বৰ্ণসহ ৯ টা পদক জয় কৰিছিল । বৰ্তমান এছিয়ান গেমছত ভাৰতৰ মুঠ পদকৰ সংখ্যা ৬৯টা । এছিয়ান গেমছৰ দশমদিনা ভাৰতৰ দুগৰাকী স্বৰ্ণ কন্যাই ভাৰতৰ দুটা সোণৰ পদক অৰ্জন কৰে । মহিলাৰ ৫০০০ মিটাৰ প্ৰতিযোগিতাত পাৰুল চৌধুৰীয়ে সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে অনু ৰাণীয়ে মহিলাৰ জেভলিন থ্ৰ’ ইভেণ্টত স্বৰ্ণ পদক জয় কৰি দেশক গৌৰৱান্বিত কৰে ।
চীনত অনুষ্ঠিত ১৯সংখ্যাক এছিয়ান গেমছৰ আজিৰ দিনটোত কোটি কোটি ভাৰতীয়ৰ দৃষ্টি নিবদ্ধ বৈ থাকিব ।
লগতে পঢ়ক :Flash flood in Sikkim: ছিকিমত বানৰ ফলত অভাৱনীয় পৰিস্থিতি, সন্ধানহীন ২৩গৰাকীকৈ সেনা জোৱান