Local, Vocal, Global

ASI arrested for taking bribe : উৎকোচ লৈ আৰক্ষীৰ জালত পৰিল আৰক্ষী বিষয়া

নিউজ ডেস্ক, ২ জুলাই : পুনৰ খাকী পোছাকত কলংক সানিলে এজন আৰক্ষী বিষয়াই (ASI arrested for taking bribe)। উৎকোচ লৈ আৰক্ষীৰ জালত পৰিল আৰক্ষী বিষয়া । ২০০০ টকা ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত ASI জয়নাল আলী(ASI arrested for taking bribe)।

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে ঘোচষোৰ বিষয়া-কৰ্মচাৰী। বিগত বছৰ ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ঘোচষোৰ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই আহিছে(ASI Caught Red-Handed While Accepting Bribe)। জালত পৰিছে বহুকেইজন ঘোচষোৰ বিষয়া-কৰ্মচাৰী।

তথাপিওযেন গা লৰা নাই একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ। কোনো ভয়-শংকা নোহোৱাকৈ উৎকোচ লৈ আহিছে (ASI arrested for taking bribe)। আইন আদালত সকলো পাহৰি নিকা, স্বচ্চ প্ৰশাসনৰ বিপৰীতে স্বয়ং আৰক্ষীত অনিয়ম অনীতি ৷ এইবাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আৰক্ষী বিষয়া।

গোচৰ ওলট পালট কৰি দিয়াৰ বাবে ধন লৈছিল শুৱালকুছি থানাৰ ASI জয়নাল আলীয়ে ৷ চৰকাৰী দা দৰমহাৰে পৰিয়াল চলাব নোৱাৰা আৰক্ষী জয়নালক আলীক লাগে অধিক ধন ৷ যাৰ বাবে অধিক ধন বিচাৰি ৰঙাঘৰৰ আলহি হ’ল ঘোচষোৰ আৰক্ষী বিষয়া জয়নাল আলী ৷

ঘটনা অনুসৰি ASI জয়নাল আলীয়ে শুৱালকুছি থানাৰ অন্তৰ্গত এটি পৰিয়ালৰ পৰা বিচাৰিছিল ২ হাজাৰ টকা ৷ যদিহে ধন নিদিয়ে তেতিয়া গোচৰ ওলোটা কৰি দিয়াৰ ভাবুকি দিছিল পৰিয়ালটোক জয়নাল আলীয়ে ৷ ২ হাজাৰ টকা বিচৰাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ঘোচষোৰ আৰক্ষী বিষয়া জয়নাল আলী ৷

লগতে পঢ়ক : Indias GST collections rise : জিএছটিৰ বাবে মুদ্ৰাস্ফীতি হ্ৰাস হোৱাৰ লগতে গ্ৰাহকে ন্যায় লাভ কৰিছে: নিৰ্মলা সীতাৰমণ