WATCH | Ashokashtami : আজি পবিত্ৰ অশোকাষ্টমী
ওদালগুৰি,৫এপ্ৰিল : আজি পবিত্ৰ অশোকাষ্টমী। মন্ত্ৰোচ্চাৰণে মুখৰিত ওদালগুৰি জিলাৰ ৰৌতাৰ শ্রী শ্রী বাসন্তী পূজা। ৫ দিনীয়াকৈ আয়োজন কৰা হৈছে ৭৪ তম পৰম্পৰাগত বাসন্তী পূজা
তৃতীয় দিনাৰ গংগাস্থান পৰ্বৰ অনুষ্ঠানত ধনশ্রী নৈত স্নান কৰে হাজাৰ হাজাৰ ভক্তপ্রাণ ৰাইজে(Ashokashtami)।
জন বিশ্বাস অনুসৰি মহাষ্টমীৰ পূণ্য তিথিত গংগাস্থান কৰিলে ভক্তৰ সকলো পাপ মোচনৰ লগতে সিদ্ধি হয় সকলো মনোবাঞ্চাৰ । হিন্দু ধৰ্মাৱলম্বী লোক সকলে মৃতকৰ অস্তি বিসৰ্জনৰ পর্বও সমাপন কৰা দেখা গৈছে নৈৰ পাৰত । অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে আয়োজক সমিতিয়ে । পবিত্র অষ্টমীৰ দিনা মাৰ আশীৰ্বাদ ল’বলৈ আহিছে দূৰ দূৰণিৰ ভক্ত। সকলোৱে ধূপ চাকি নৈবদ্য আগবঢ়াই মাৰ পৰা বিচাৰিছে আশীৰ্বাদ।
লগতে পঢ়ক : WATCH | GMCH : GMCHৰ চেন্ট্রেল ফাৰ্মাচীত অঘটন