Local, Vocal, Global

WATCH | Ashokashtami : আজি পবিত্ৰ অশোকাষ্টমী;অশোকাষ্টমী উপলক্ষে ব্ৰহ্মপুত্ৰত স্নান ভক্তৰ

উত্তৰ গুৱাহাটী : আজি পৱিত্ৰ অশোকাষ্টমী। হিন্দু ধৰ্মাৱলম্বী লোকৰ এটা পৱিত্ৰ দিন ।

ভগৱান শ্ৰীকৃষ্ণৰ স্মৃতি বিজড়িত উত্তৰ গুৱাহাটীৰ পুৰাণ প্ৰসিদ্ধ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ত পুৱাৰে পৰা ভক্তৰ সোঁত।

জনবিশ্বাস মতে আজিৰ দিনটোত গংগাৰ এধাৰি জলধাৰা আহি ব্ৰহ্মপুত্ৰত বিলীন হয়(Ashokashtami)।

সেয়ে আজিৰ এই পবিত্ৰ দিনটোত ব্ৰহ্মপুত্ৰত স্নান কৰিবলৈ ভক্তৰ আগমন হয় অশ্বক্লান্ত দেৱালয়ত ।

ইফালে, আজিৰ দিনটোতে অশ্বক্লান্ত দেৱালয়ৰ বিষ্ণুপদত মৃতকৰ শ্ৰাদ্ধ,পিণ্ড আদি কাৰ্য সমাপন কৰিলে মৃতকৰ আত্মাই চিৰ শান্তি লাভ কৰে বুলি জনবিশ্বাস আছে ।

লগতে পঢ়ক : WATCH | Rongali Bihu 2025 : বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন