Local, Vocal, Global

WATCH | Ashok Singhal : চাপৰৰ বহলপুৰ নাথপাৰাত নিৰ্বাচনী প্ৰচাৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ

চাপৰ,৪মে’ : দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে নামনি অসমত ব্যাপক তৎপৰতা প্ৰতিটো ৰাজনৈতিক দলৰ। চাপৰৰ বহলপুৰ নাথপাৰাত নিৰ্বাচনী প্ৰচাৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ।

বিলাসীপাৰা সমষ্টিৰ ১ নং ফলিমাৰী জিলা পৰিষদৰ অন্তৰ্গত ১ নং বহলপুৰ পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত আঞ্চলিক পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থী বাবু হিতু ৰায় আৰু জিলা পৰিষদৰ প্ৰাৰ্থী গৰাকীৰ হৈ চলালে এই নিৰ্বাচনী প্ৰচাৰ।

বিধানসভা নিৰ্বাচনত বিলাসীপাৰা সমষ্টিত বিজেপি প্ৰাৰ্থী গৰাকী পৰাজিত হোৱাৰ বাবে উন্নয়নৰ ধাৰা স্থবিৰ হৈ পৰিছে । বিৰোধী বিধায়কৰ কাৰণে বিলাসীপাৰা সমষ্টিত মহিলা আই-মাতৃ সকলে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হব লগা হৈছে(Ashok Singhal)।

বৰ্তমান সংখ্যালঘু ৰাইজে উন্নয়নৰ স্বাৰ্থত বিজেপি দলৰ লগত আছে কাৰণ তেখেত সকলে বুজি পাইছে যে কংগ্ৰেছ -এ আই ইউ ডি এফৰ থাকি কোনো উন্নয়ন নহ’ব।

চাপৰৰ বহলপুৰ নাথপাৰাত নিৰ্বাচনী প্ৰচাৰ সভাত এই মন্তব্য আগবঢ়ায় কেবিনেট মন্ত্ৰী অশোক সিংহল।

উপস্থিত হৈ বিলাসীপাৰা সমষ্টিৰ ১ নং ফলিমাৰী জিলা পৰিষদৰ অন্তৰ্গত ১ নং বহলপুৰ পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত আঞ্চলিক পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থী বাবু হিতু ৰায় আৰু জিলা পৰিষদৰ প্ৰাৰ্থী গৰাকীৰ হৈ চলালে এই নিৰ্বাচনী প্ৰচাৰ।

লগতে পঢ়ক : WATCH | Heated situation : কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ কৰ্মীৰ মাজত সংঘৰ্ষ