WATCH | Ashok Singhal : গোৱালপাৰা বুলি ক’লেই দাড়ি,টুপী, আৰু পায়জামাৰ কথা মনলৈ আহে
নিউজ ডেস্ক,২৭মাৰ্চ : গোৱালপাৰা বুলি ক’লেই দাড়ি,টুপী, আৰু পায়জামাৰ কথা মনলৈ আহে । গোৱালপাৰাৰ মান-মৰ্যাদা ঘূৰাই আনিব লাগিব আকৌ। জাতি, মাটি, ভেটি বচাব হ’লে সকলো এক গোট হ’ব লাগিব।
এইগৰাকী মন্ত্ৰীৰ নাম হৈছে অশোক সিংহল। অনবৰতে বাতৰিৰ শিৰোনামত থাকি ভালপাই মন্ত্ৰী গৰাকীয়ে। বহুতেই কয় মন্ত্ৰী অশোক সিংহল হৈছে । অসমৰ এগৰাকী ব্যৱসায়ীক দক্ষ মন্ত্ৰী
জাতি, মাটি, ভেটিৰ কথা কোৱা মন্ত্ৰীগৰাকীয়ে কেইদিন মান পূৰ্বে অসম ৰাজ্যৰ গুৰুজনাৰ অমৰ সৃষ্ঠি ভাওনাক লৈ কৰিছিল তুলুঙা মন্তব্য। অসমৰ প্ৰতি মন্ত্ৰী গৰাকীৰ ইমানেই প্ৰেম যে গুৰুজনাৰ অমৰ সৃষ্ঠিকো পাহৰি গৈছিল। ইয়াৰ বাবে ৰাজহুৱা ভাৱে সামাজিক মাধ্যমত ক্ষমা বিছাৰিছিল মন্ত্ৰী অশোক সিংহলে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এজন ঘনিষ্ঠ সতীৰ্থ তেওঁ। এইজন মন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ গুৰুতৰ যদিও সেই অভিযোগৰ হে তদন্ত নহয়। হেলিকপ্তাৰত উঠি এইজন মন্ত্ৰীয়ে গুৱাহাটীত কৃত্ৰিম বান পৰিদৰ্শন কৰাৰ খবৰেও শুনিছে আপোনালোকে। গুৱাহাটী মহানগৰ উন্নয়ন আৰু আন গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰা পাছত মন্ত্ৰী অশোক সিংহলে তেওঁৰ বিভাগত অনিয়মকে নিয়ম কৰিছিল। শেহতীয়াকৈ ছুপাৰ ছাকাৰ ক্ৰয়ৰ নামত ১৮ কোটি টকাৰ(Ashok Singhal) ।
কেলেংকাৰীত নাম সাঙোৰ খাইছিল মন্ত্ৰী অশেোক সিংহলৰ। বিৰোধীও ইয়াক লৈ প্ৰতিবাদ কৰিছিল। সেইয়াও যেন কৰবাত এতিয়া হেৰাই গল। এতিয়া আহক আচল কথালৈ শেহতীয়াকৈ এইগৰাকী মন্ত্ৰীয়ে অসমৰ জাতি,মাটিৰ কথা চিন্তা কৰি গোৱালপাৰাত জুইৰ ফিৰিঙতি ছটিয়াই দিলে।গোৱালপাৰাত ৰাভা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত এটা জাতিক উদ্দেশ্যি কৰিলে চৰম অপমান । গোৱালপাৰাৰ নাম শুনিলেই হেনো মন্ত্ৰী গৰাকীৰ মনলৈ আহে দাড়ী,টুপীৰ আৰু পায়জামাৰ কথা। গোৱালপাৰা মৰ্যাদা দাড়ী,টুপী ৱলাই শেষ কৰি দিলে। আকৌ ঘুৰাই আনিব লাগিব সেই মৰ্যাদা
মন্ত্ৰী গৰাকীৰ এনে মন্তব্যৰ পাছতেই নামনিত আৰম্ভ হল অশোক সিংহল বিৰোধী প্ৰতিবাদ। এইয়া বিলাসীপাৰাৰ দৃশ্য। বিলাসীপাৰাত ধুবুৰী জিলা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উত্তাল প্ৰতিবাদ। অশোক সিংঘলৰ পুত্তলিকা দাহ কৰি ২৪ ঘন্টাৰ সময় বান্ধি দিলে। ২৪ ঘন্টাৰ ভিতৰত ক্ষমা নুখুজুলিলে ইয়াতকৈ ডাঙৰ আনন্দোলনৰ হুংকাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ।
ইফালে গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সভাপতি ৰবিউল ইছলামৰো একেই মন্তব্য । সামাজিক মাধ্যমতো মন্ত্ৰীগৰাকীক লৈ চলিছে যোৰদাৰ প্ৰতিবাদ।
লগতে পঢ়ক : WATCH | Rangia News : ৰঙিয়াৰ ই-ৰিক্সা চালকসকল সাৱধান!