Local, Vocal, Global

WATCH | Ashok Singhal : অৱশেষত ক্ষমা খুজিলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘালে

নিউজ ডেস্ক,৬মাৰ্চ : অৱশেষত ক্ষমা খুজিলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘালে। ভাওনা সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি সামজিক মাধ্যমযোগে ক্ষমা বিচাৰিলে মন্ত্ৰী অশোক সিংঘালে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে গুৱাহাটী প্ৰেছ ক্লাৱৰ সাংবাদিকৰ এটা দলে ভাওনা অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনাবলৈ যোৱাৰ সময়ত গুৰুজনাৰ অনুপম সৃষ্টি ভাওনাক লৈ নেতিবাচক মন্তব্য কৰিছিল অশোক সিংঘালে। ইয়াৰ পিছতে সিংঘালৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল সাংবাদিক সমাজ। মন্ত্ৰীগৰাকীক ভাওনাক অপমান কৰাৰ বাবে ক্ষমা বিচৰাৰ দাবী তুলিছিল সাংবাদিক সমাজে। আৰু অৱশেষত সাংবাদিকৰ দাবীত সেও মানি ক্ষমা বিচাৰিলে মন্ত্ৰী অশোক সিংঘালে(Ashok Singhal)।

আজি মন্ত্ৰীগৰীকায়ে সামাজিক মাধ্যমত লিখিছে, ‘‘মহাপুৰুষজনাৰ অনুপম সৃষ্টি ভাওনা সন্দৰ্ভত মই নেতিবাচক মন্তব্য দিয়া বুলি শেহতীয়াকৈ এক প্ৰচাৰ চলোৱা হৈছে। কিন্তু মই এনে মন্তব্য দিয়া বুলি চলোৱা প্ৰচাৰ সম্পূৰ্ণ ভিত্তিহীন আৰু মই এনে মন্তব্য দিয়াৰ প্ৰশ্নই উত্থাপিত নহয়। কিন্তু সমগ্ৰ বিষয়টোক লৈ একাংশ সংবাদ মাধ্যমত বিভিন্ন বাতৰি প্ৰচাৰিত হৈছে আৰু বিষয়টো সন্দৰ্ভত জনমানসত এক ভুল ধাৰণাৰ সৃষ্টি কৰা হৈছে। এই বিষয়টোৱে কাৰোবাৰ মনত হয়তো দুখ দিব পাৰে। এই বিষয়টোক লৈ মই কোনো অনাহক বিতৰ্ক বিচৰা নাই যদিও বিষয়টোৱে যদি কাৰোবাৰ মনত দুখ দিছে, তেন্তে তাৰবাবে মই ক্ষমাপ্ৰাৰ্থী।’’

লগতে পঢ়ক : WATCH | Madhya Pradesh Incident : ব্যক্তিগত চিকিৎসালয়ত ভয়ংকৰ লুণ্ঠনৰাজ