Asha Barua passes away : শিৱসাগৰ আমোলাপট্টি ফনিধৰ চলিহা ৰোডৰ সৰবৰাহী মহিলা আশা বৰুৱাৰ দেহাৱসান
নিউজ ডেস্ক,২৭আগষ্ট : শিৱসাগৰ আমোলাপট্টি ফনিধৰ চলিহা ৰোডৰ সৰবৰাহী মহিলা আশা বৰুৱাৰ দেহাৱসান।
দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে পুৱা ৫.৩০ বজাত স্থানীয় চিকিৎসালয়ত ইহলীলা ত্যাগ কৰে আশা বৰুৱাই ৷ তেখেত শিৱসাগৰৰ বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত অৰবিন্দ বৰুৱাৰ পত্নী।
সামাজিক জীৱনত তেখেত সক্ৰিয় আছিল ৷ আশা বৰুৱাৰ নিপীড়িত মানুহৰ প্ৰতি বহুত মৰম আছিল আৰু বহুতকে প্ৰয়োজনৰ সময়ত সহায় কৰিছিল। আজি তেওঁৰ মৃত্যুত তেখেতৰ ঘৰলৈ আহি শিৱসাগৰ নাগৰিক সমাজৰ বহু সদস্যই শেষ শ্ৰদ্ধা জনায়(Asha Barua passes away)।
শিৱসাগৰৰ বহুতো সামাজিক আৰু সাংস্কৃতিক সংগঠন যেনে শিৱসাগৰ নাগৰিক মঞ্চ, হিন্দু ধৰ্ম নামঘৰ পৰিচালনা সমিতি, শিৱসাগৰ পৌৰসভা নাগৰিক মঞ্চ, শিৱসাগৰ জ্যোতি সংঘ, অসম নাট্য সন্মিলন শিৱসাগৰ ৰংঘৰ শাখা, দৃষ্টিপত শিৱসাগৰ, শিৱসাগৰ হিন্দু ধৰ্ম সভা নামঘৰ মহিলা সমিতি, শিৱসাগৰ বিদ্যাপীঠ এম ই স্কুল আৰু আমোলাপট্টী এল পি স্কুলে শোক প্ৰকাশ কৰে। ৬৯ বছৰীয়া মহিলাগৰাকীয়ে মৃত্যুৰ সময়ত স্বামীৰ লগতে দুগৰাকী কন্যা আৰু এজন পুত্ৰক এৰি থৈ যায়।
লগতে পঢ়ক : Manipur Police arrested 11 extremists : মণিপুৰত অস্ত্ৰশস্ত্ৰ সহ ১১জন উগ্ৰপন্থী গ্ৰেপ্তাৰ