Local, Vocal, Global

Asam Sahitya Sabha : অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত ড° বসন্ত কুমাৰ গোস্বামী

নিউজ ডেস্ক,৩০ডিচেম্বৰ : অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত ড° বসন্ত কুমাৰ গোস্বামী।মুঠ ৩৮৪টা ভোট লাভ কৰি সভাপতি হিচাপে নিৰ্বাচিত ড° বসন্ত কুমাৰ গোস্বামী(Asam Sahitya Sabha)।

শনিবাৰৰ পৰা কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু দদৰা আঞ্চলিক শাখা সাহিত্য সভাৰ আতিথ্যত অসম সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা ভৃগু কুমাৰ ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে।

দেওবাৰে ২০২৫-২০২৭ বৰ্ষৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হয়।

উপ-সভাপতি পদত জয়ী হৈছে পদুম ৰাজখোৱা। ৩৮৫টা ভোট লাভ কৰিছে ৰাজখোৱাই।

অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সমিতিখনক অভিনন্দন জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘বিশিষ্ট সাহিত্যিক ড° বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াৰ বলিষ্ঠ ভূমিকাত অসম সাহিত্য সভাই এক নতুন গতি লাভ কৰিব৷ অসমৰ ভাষা-সাহিত্য-সংস্কৃতিক অসম সাহিত্য সভাই বিশ্বমুখী কৰাৰ হেতু তথা প্ৰচাৰ-প্ৰসাৰৰ বাবে বিভিন্ন পৰিকল্পনা লৈ আগবাঢ়ি যাওক, সেয়াই কামনা কৰিলোঁ৷’

লগতে পঢ়ক :Asam Sahitya Sabha : অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত দেৱজিৎ বৰা