জেলৰ পৰা ওলাল অৰবিন্দ কেজৰিৱালৰ সহযোগী আমানতুল্লা খান

নতুন দিল্লীঃ দিল্লী ৱাকফ বোৰ্ডত অবৈধ নিযুক্তিৰ অভিযোগ সম্পৰ্কীয় এটা গোচৰত আম আদমী পাৰ্টিৰ (আপ) বিধায়ক আমানতুল্লা খানক জামিন প্ৰদান কৰিছে এখন আদালতে। আমানতুল্লাহক ১৬ ছেপ্টেম্বৰত দুৰ্নীতি বিৰোধী শাখাই গ্ৰেপ্তাৰ কৰিছিল। বিষয়াসকলে ঘৰৰ পৰা ২৪ লাখ টকা আৰু দুটা অবৈধ অস্ত্ৰ জব্দ কৰিছিল। এচিবিয়ে এইটোও অভিযোগ কৰিছিল যে অনুসন্ধানকাৰী দলটোক বাসগৃহৰ বাহিৰত আত্মীয় আৰু সমৰ্থকসকলে আক্ৰমণ কৰিছিল।
এচিবিয়ে অভিযোগ কৰিছে যে দিল্লী ৱাকফ বোৰ্ডৰ অধ্যক্ষ হিচাপে কাম কৰি থাকোতে খানে নিৰ্দেশনা উলংঘা কৰি অবৈধভাৱে ৩২ জন লোকক নিযুক্তি দিছিল। এচিবিয়ে লগতে অভিযোগ কৰিছিল যে দিল্লী ৱাকফ বোৰ্ডৰ অধ্যক্ষ হিচাপে খানে অবৈধভাৱে ৱাকফ বোৰ্ডৰ কেইবাটাও সম্পত্তি ভাড়াত লৈছিল। জামিন পোৱাৰ পিছত আমানতুল্লাই টুইট কৰি কয় ‘সত্যৰ জয় হৈছে’৷
এচিবিয়ে ২০২০ চনত গোচৰটো পঞ্জীয়ন কৰিছিল। ২০১৮ ৰ পৰা ২০২০ ৰ ভিতৰত বিশৃঙ্খলাৰ অভিযোগ আছে। এই বছৰৰ আগষ্টমাহত, এচিবিয়ে এল-জিলৈ পত্ৰ লিখি আমানতুল্লাক ৱাকফ বোৰ্ডৰ অধ্যক্ষপদৰ পৰা আঁতৰাবলৈ কৈছিল কিয়নো তেওঁ প্ৰকৃতিত অতি আক্ৰমণাত্মক আৰু এজন অপৰাধী ব্যক্তি আছিল। ইয়াৰ বাবে, কোনো সাক্ষী তেওঁৰ বিৰুদ্ধে আহিবলৈ সাজু নহয়। এচিবিয়ে তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন কৰা ২৩ টা অপৰাধমূলক গোচৰৰ উদাহৰণ দিছিল।