Arvind Kejriwal replies to ED, says summons politically motivated, illegal : ED ৰ চমন অবৈধ আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত অৰবিন্দ কেজৰিৱালৰ
নেশ্যনেল ডেস্ক, ২১ ডিচেম্বৰ : ED ৰ চমনক অবৈধ উল্লেখ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ । লগতে এই চমন ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত অৰবিন্দ কেজৰিৱালৰ(Arvind Kejriwal replies to ED, says summons politically motivated, illegal) ।
উল্লেখ্য যে, সুৰা কেলেংকাৰীৰ অভিযোগত ED য়ে জেৰাৰ বাবে চমন কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ৷ তাৰ পাচতে ইডিয়ে জাৰি কৰা চমনৰ উত্তৰ প্ৰেৰণ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।দিল্লীৰ বহু চৰ্চিত আবকাৰী নীতি দুৰ্নীতি গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চমন জাৰি কৰিছিল ED য়ে(Kejriwal skips ED’s “illegal, politically motivated” second summons)।
সোমবাৰে ED য়ে পুনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ২১ ডিচেম্বৰত দিল্লী চৰকাৰৰ কথিত সুৰা কেলেংকাৰিৰ সোধ-পোছৰ বাবে চমন কৰিছিল । কিন্তু এই চমন অবৈধ আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । ইফালে অৰবিন্দ কেজৰিৱালৰ আইনী দলে তেওঁক ইডিয়ে প্ৰেৰণ কৰা চমন প্ৰত্যাহাৰ কৰিব লাগে উল্লেখ কৰে ।
জানিব পৰা মতে, সুৰা কেলেংকাৰিৰ গোচৰত ইডিয়ে সোধ-পোছৰ বাবে প্ৰেৰণ কৰা দ্বিতীয়টো চমনতো মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল হাজিৰ হোৱা নাছিল ।
ইয়াৰ পূৰ্বে এই গোচৰৰ সন্দৰ্ভত কেজৰিৱালক চলিত বৰ্ষৰ এপ্ৰিল, অক্টোবৰ আৰু ২ ডিচেম্বৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই চমন কৰিছিল ৷ ২ ডিচেম্বৰত কেজৰিৱালক চমন জাৰি কৰিছিল কিন্তু কেজৰিৱালে সেই জাননী অবৈধ বুলি কয় সেয়া বাতিল কৰাৰ দাবী কৰিছিল আৰু ইডিৰ সন্মুখত হাজিৰ হোৱা নাছিল। উল্লেখ্য যে, ১৯ ডিচেম্বৰত কেজৰিৱাল বিপাশনালৈ যোৱা কথা। প্ৰতিবছৰে তেওঁ ১০ দিনৰ বাবে বিপাশনা কৰে। এই সময়তে ইডিয়ে তেওঁক জাননী প্ৰেৰণ কৰিছে। পূৰ্ব নিৰ্ধাৰিত সময়সূচী অনুসৰি বুধবাৰে তেওঁ ১০ দিনৰ বাবে বিপাসনাৰ বাবে গৈছিল(Arvind Kejriwal replies to ED, says summons politically motivated, illegal)।
বৰ্তমানলৈকে অৰবিন্দ কেজৰিৱালে হিমাচল, বেংগালুৰু আৰু মহাৰাষ্ট্ৰৰ এখন ঠাইলৈ বিপাসনা সাধনাৰ বাবে গৈ আছে ৷ এইবাৰ তেওঁ পঞ্জাৱৰ হোশিয়াৰপুৰলৈ গৈছে । বিপাসনা সাধনাৰ নিয়ম অনুসৰি আগন্তুক ১০ দিনলৈ কেজৰিৱালে কাৰো সংস্পৰ্শত নাথাকিব । তেওঁৰ অনুপস্থিতিত চৰকাৰৰ কাম-কাজ চম্ভালিব মন্ত্ৰী আতিশিয়ে ।