WATCH | Arunodoi Scheme : প্ৰধানমন্ত্ৰী আৱাস যোজনা,অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত যোগ্য হিতাধিকাৰী
নিউজ ডেস্ক,১০এপ্ৰিল : প্ৰধানমন্ত্ৰী আৱাস যোজনা,অৰুণোদয় আঁচনি আদিয়ে আজিও ঢুকি পোৱা নাই বহু যোগ্য পৰিয়াল তথা ব্যক্তিক।
হয় এনেকুৱা এক অভিযোগেই কৰিছে দুই অসহায় বাই-ভনীয়ে।
এই অভিযোগ বঙাইগাঁও জিলাৰ মাণিকপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মৌখোৱা গাৱঁৰ ৮ নং ৱাৰ্ডৰ দুই অসহায় ভগ্নী মিৰজাতুন নেচা আৰু আছিফুন বেগমৰ। মিৰজাতুন নেচা এজনী বিধৱা মহিলা আৰু আছিফুন বেগম এগৰাকী অবিবাহিতা, ৰুগীয়া মহিলা।
দুই ভগ্নীৰ অভিযোগ যে, গাৱঁৰ মেম্বৰ চাইদুলে তেওঁলোকক নিজৰ মোবাইল ফোনত প্ৰধানমন্ত্ৰী আৱাস যোজনা আচঁনিৰ হিতাধিকাৰিৰ তালিকাত নাম পৰ্যন্ত দেখুৱাই তেওঁলোকৰ পুৰণি জৰাজীৰ্ণ আৱাসগৃহটো ভাঙি ঠাইখিনি নতুন আৱাসগৃহৰ বাবে সাজু কৰি থবলৈ কয়(Arunodoi Scheme)।
মেম্বৰ চাইদুলৰ কথা শুনি আৰু তালিকাত নিজৰ নাম দেখি নিজৰ পুৰণি জৰাজীৰ্ণ আৱাসগৃহটো ভাঙি নতুন আৱাসগৃহৰ বাবে অপেক্ষা কৰি ৰয় দুই ভগ্নীয়ে। কিন্তু পিছলৈ তেওঁলোকৰ নামত কোনো আৱাসগৃহ নহা দেখি মেম্বৰ চাইদুলক সোধাত পঞ্চায়তৰ সম্পাদকে তালিকাৰ পৰা তেওঁলোকৰ নাম কাটি দিয়া বুলি জনায়। ফলত, এতিয়া গৃহহীন হৈ নিজ ভাতৃৰ ঘৰত আশ্ৰয় লবলগা হৈছে দুই অসহায় বাই ভনীয়ে। এনেকি আগতে তেওঁলোকে অৰুণোদয় আচঁনিৰ অন্তৰ্ভুক্ত আছিল যদিও এই আঁচনিৰ পৰাও নাম কাটি দিয়া হৈছে তেওঁলোকৰ।
লগতে পঢ়ক : WATCH | Nagaon News : নগাঁও জিলা নেহেৰুৱালিত অসমী ব’হাগী মেলাৰ আয়োজন