Local, Vocal, Global

Arunachali liquor seized in Sonitpur : শোণিতপুৰত জব্দ অবৈধ অৰুণাচলী সুৰা

জামুগুৰিহাট,৪ডিচেম্বৰ : শোণিতপুৰৰ ৰঙাপৰাত আবকাৰী বিভাগে অভিযান।অভিযানত জব্দ অবৈধ অৰুণাচলী সুৰা।

গোপন সূত্ৰৰ পম খেদি ৰঙাপৰাৰ উৰহীলগা গাঁৱত অভিযান চলাই আবকাৰী বিভাগে জব্দ কৰে সুৰাখিনি। ৰঙাপৰা আবকাৰী বিভাগৰ পৰিদর্শক মাধুৰ্য্য তালুকদাৰ আৰু উপ পৰিদর্শক জয়ন্ত চৌধুৰীৰ নেতৃত্বত যোৱা আবকাৰী দলে উৰহীলগা চেণ্টাৰৰ পৰা প্ৰায় ৮২ হাজাৰ টকা মূল্যৰ অৰুণাচলী সুৰাখিনি জব্দ কৰে।

জব্দকৃত সুৰাখিনি আবকাৰী বিভাগে ৰঙাপৰা আবকাৰী বিভাগৰ কাৰ্যালয়লৈ লৈ যায়(Arunachali liquor seized in Sonitpur)।

আবকাৰী বিভাগৰ অভিযানকালত কোনো ব্যক্তিকে আটক কৰিবলৈ সক্ষম নহ’ল। বৃহত্তৰ ৰঙাপৰা অঞ্চলত অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই যাব বুলি আবকাৰী বিভাগে সদৰি কৰে। উল্লেখ্য যে ৰঙাপৰা অঞ্চলত চলি থকা অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ পিছতো একাংশ লোকে অতি গোপনে অৰুণাচলী সুৰা বিক্ৰী কৰি আহিছে।

লগতে পঢ়ক :Elephant menace in Jamugurihat :ৰঙাপৰাত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস