Local, Vocal, Global

Arunachali liquor seized in Sonitpur : শোণিতপুৰৰ চাৰিদুৱাৰৰ ফৰেষ্টগেটত জব্দ সুৰা ভৰ্তি ট্ৰাক

জামুগুৰিহাট,২৬ছেপ্তেম্বৰ : শোণিতপুৰত আবকাৰী বিভাগত অভিযান । অভিযানত বুধবাৰে নিশা অৰুণাচলৰ পৰা আহি থকা অৱস্থাত চাৰিদুৱাৰৰ ফৰেষ্টগেটত জব্দ কৰে সুৰা ভৰ্তি ট্ৰাক। ট্ৰাকৰ কেবিনত সৰবৰাহ কৰি আনিছিল ১২৭ কাৰ্টুন অৰুণাচলী সুৰাখিনি(Arunachali liquor seized in Sonitpur)।

AS-12-E -0246 নম্বৰৰ এখন ট্ৰাকত গোপনে সৰবৰাহ কৰি আনিছিল সুৰাখিনি। শোণিতপুৰৰ চাৰিদুৱাৰত আবকাৰী বিভাগে জব্দ কৰে গাড়ীসহ সুৰাখিনি। ইতিমধ্যে আবকাৰী বিভাগে এজন সুৰা সৰবৰাহকাৰীক আটক কৰিছে ৷

জব্দকৃত সুৰা খিনিৰ মূল্য প্ৰায় ১১ লাখ ৫০,০০০ টকা হ’ব বুলি আবকাৰী সূত্ৰই প্ৰকাশকৰে(Arunachali liquor seized in Sonitpur)।

লগতে পঢ়ক :Tragic incident in Kaliabor : গুৱাহাটী-শিলঘাট অভিমুখী ৰেলৰ খুন্দত নিহত এজন