Local, Vocal, Global

Arunachali liquor seized in Dumduma : ডুমডুমাত জব্দ বুজন পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা

ডুমডুমা,২ছেপ্তেম্বৰ : ডুমডুমা চামডাং বাইপাছত বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা উদ্ধাৰ।

তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত চামডাং বাইপাছ এলেকাৰ বহুকেইখন হোটেলত অৰুণাচলী অবৈধ সুৰাৰ ৰমৰমীয়া বেহা।

ডুমডুমা আৰক্ষীয়ে বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত তালাচি অভিযান চলাই বহু পৰিমাণৰ অৰুণাচলৰ সুৰাৰ লগতে অসমৰ সুৰাও জব্দ কৰে(Arunachali liquor seized in Dumduma)।

ইতিমধ্যে আৰক্ষীয়ে আবকাৰী বিভাগক অবৈধ সুৰাখিনি চমজাই দিয়ে। এক বুজন পৰিমাণ সুৰাসহ আৰক্ষীয়ে কৃষ্ণ পাতৰ নামৰ এজন যুৱকক আটক কৰে ।

এতিয়া প্ৰশ্ন হয় কেনেকৈ গাঁৱে ভূঞে থকা সৰু বৰ হোটেলৰত অৰুণাচলৰ সুৰাৰ ৰমৰমীয়া বেহা চলে?

আবকাৰী বিভাগটোৱে সমগ্ৰ জিলাখনতে গিজগিজাই থকাৰ পিছতো কোনে কেনেকৈ অৰুণাচলৰ সুৰা অসমলৈ সৰবৰাহক কৰি ব্যৱসায় চলাই আছে ।

লগতে পঢ়ক : Assam Man goes Missing : কৰ্মসূত্ৰে নাগালেণ্ডলৈ গৈ সন্ধানহীন মেৰাপানীৰ এজন ব্যক্তি