Local, Vocal, Global

Arunachali liquor seized in Doom Dooma: গণৰাজ্য দিৱসৰ দিনটোত ডুমডুমাত জব্দ বৃহৎ পৰিমানৰ অৰুণাচলী সুৰা,আটক এজনক

ডুমডুমা,২৭জানুৱাৰী : গণৰাজ্য দিৱসৰ দিনটোত ডুমডুমাত বৃহৎ পৰিমানৰ অৰুণাচলী সুৰা জব্দ, আটক এজনক।

বৰ হাপজানৰ ৰাষ্ট্ৰীয় ঘাইপথত নাকা চেকিংৰ সময়ত বাহনখন আৰক্ষীৰ জালত পৰে সৰবৰাহকাৰীজন

আটক কৰা সৰবৰাহকাৰীটো কৈলাশপুৰৰ যোগেন্দ্ৰ বৰুৱা বুলি চিনাক্ত কৰা হৈছে(Arunachali liquor seized in Doom Dooma) ।

কৈলাশপুৰৰ পৰা বাৰেকুৰিলৈ বিক্ৰীৰ বাবে সুৰা লৈ যোৱা হৈছিল বুলি সৰবৰাহকাৰী গৰাকীয়ে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে।

ভুৱা নম্বৰ প্লেট ব্যৱহাৰ কৰি এখন বিলাসী বাহনত সুৰা সমূহ লৈ আনিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

AS 23 AE 7423 নম্বৰৰ বাহনখন জব্দ কৰিছে আৰক্ষী-প্ৰশাসনে।

আবকাৰী, আৰক্ষী, সেনাবাহিনীৰ নাকা চেকিঙত এই সফলতা।

লগতে পঢ়ক :Body of young woman found: প্ৰেমিকৰ কোঠাত উদ্ধাৰ যুৱতীৰ মৃতদেহ