Arunachala Liquor Seized : নগাঁৱত জব্দ অবৈধ অৰুণাচলী সুৰা

নিউজ ডেস্ক, ১৭ জানুৱাৰী : পুনৰ ৰাজ্যত জব্দ অবৈধ অৰুণাচলী সুৰা।
ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই(Arunachala Liquor Seized in Nagaon) ।
বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি। সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজান নহয়। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কৱলত পৰা দেখা যায়(Arunachala Liquor Seized)।
নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ নগাঁৱত অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছন্ন অভিযান । নগাঁৱত আৰক্ষীৰ অভিযানত নগাঁৱৰ জিলাৰ কঠীয়াতলী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অবৈধ অৰুণাচলী সুৰা জব্দ কৰে। নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) পাৰ্থপ্ৰতীম শইকীয়াৰ নেতৃত্বত কঠীয়াতলী আৰক্ষীয়ে চলোৱা অভিযানত ৯২৪ কাৰ্টুন অৰুণাচলী সুৰা জব্দ কৰা হয়।সুৰা সৰবৰাহত ব্যৱহৃত এ এছ ০১ কে চি ৬৬৪৫ নম্বৰৰ ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰাৰ লগতে চালকজনকো আটক কৰে। জব্দকৃত সুৰাখিনি অৰুণাচলৰ পৰা কঠীয়াতলী হৈ হোজাইলৈ সৰবৰাহৰ চেষ্টা কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে।