Arunachal Pradesh, Sikkim results to be declared on June 2 : দেওবাৰে অৰুণাচল প্রদেশ আৰু ছিকিম বিধানসভা নির্বাচনৰ ভোট গণনা

নিউজ ডেস্ক,১জুই : কাইলৈ অৰুণাচল প্রদেশ আৰু ছিকিম বিধানসভা নির্বাচনৰ ভোট গণনা। দুখন ৰাজ্যৰ ভোট গণনা বাবে এতিয়া চলিছে ব্যাপক প্ৰস্তুতি । দেওবাৰে অৰুণাচল প্রদেশ আৰু ছিকিমত ২ জুনত অন্ত পৰিব বিধানসভাৰ কাৰ্যকালৰ( Arunachal Pradesh, Sikkim results to be declared on June 2)।
দেওবাৰে পুৱা ৬বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা প্ৰক্ৰিয়া। প্রথমে পোষ্টেল বেলট আৰু ইলেকট্রনিকভাৱে প্রেৰণ কৰা বেলটৰ ভোটগণনা কৰা হ’ব। ইয়াৰ পাছত ৬.৩০বজাৰ পৰা ই ভি এমৰ ভোটগণনা আৰম্ভ হ’ব।
উল্লেখ্য যে, যোৱা ১৯ এপ্রিলত অনুষ্ঠিত হৈছিল উত্তৰ-পূৰ্বাঞ্চলৰ এই দুখন ৰাজ্যৰ বিধানসভা আৰু লোকসভা নির্বাচন । দেওবাৰে বিধানসভা নিৰ্বাচনৰ ভোটগণনা হোৱাৰ বিপৰীতে ৰাজ্য দুখনৰ লোকসভা আসনৰ ভোটগণনা অহা ৪ জুনত হ’ব।
জানিব পৰা মতে, অৰুণাচল প্রদেশত ২৪টা ভোট গণনা কেন্দ্র স্থাপন কৰা হৈছে আৰু ২হাজাৰৰো অধিক নির্বাচনী বিষয়া গণনা প্রক্রিয়াত জড়িত হ’ব বুলি জানিব পৰা হৈছে। ভোটগণনা উপলক্ষে ২-৪ জুনত ৰাজ্যখনত ড্রাই ডে ঘোষণা কৰা হৈছে।