Local, Vocal, Global

Arunachal Pradesh, Sikkim Assembly Election Vote Counting : আজি অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা

নিউজ ডেস্ক,২জুন : আজি অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা। দেওবাৰে পুৱা ৬ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা ।

আজি অন্ত পৰিব দুয়োখন ৰাজ্যৰ বিধানসভাৰ কাৰ্যকালৰ। প্রথমে পোষ্টেল বেলট আৰু ইলেকট্রনিকভাৱে প্রেৰণ কৰা বেলটৰ ভোটগণনা কৰা হয়। ইয়াৰ পাছত ৬.৩০বজাৰ পৰা ই ভি এমৰ ভোটগণনা আৰম্ভ হৈছে(Arunachal Pradesh, Sikkim Assembly Election Vote Counting)।

অৰুণাচলৰ প্ৰদেশত ৫০খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ১৩৩গৰাকী প্ৰাৰ্থীয়ে। ইতিমধ্যে অৰুণাচলৰ ১০খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী বিজেপি প্ৰাৰ্থী। ছিকিমত ৩২খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ১৪৬গৰাকী প্ৰাৰ্থীয়ে। যোৱা ১৯ এপ্রিলত অনুষ্ঠিত হৈছিল উত্তৰ-পূৰ্বাঞ্চলৰ এই দুয়োখন ৰাজ্যৰ বিধানসভা আৰু লোকসভা নির্বাচন।

উল্লেখ্য যে, দেওবাৰে বিধানসভা নিৰ্বাচনৰ ভোটগণনা হোৱাৰ বিপৰীতে ৰাজ্য দুখনৰ লোকসভা আসনৰ ভোটগণনা অহা ৪ জুনত হ’ব। ভোটগণনা উপলক্ষে ২-৪ জুনত ৰাজ্যখনত ড্রাই ডে ঘোষণা কৰা হৈছে।