Local, Vocal, Global

Arunachal Pradesh Assembly Elections 2024 Results : অৰুণাচল প্ৰদেশত একক সংখ্যাগৰিষ্ঠাৰে ক্ষমতালৈ আহিল বিজেপি

নিউজ ডেস্ক,২জুন : ঘোষিত হ’ল অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। অৰুণাচল প্ৰদেশত একক সংখ্যাগৰিষ্ঠাৰে ক্ষমতালৈ আহিল বিজেপি। অৰুণাচল প্ৰদেশত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নেতৃত্বত পুনৰ এবাৰ ক্ষমতালৈ বিজেপি(Arunachal Pradesh Assembly Elections 2024 Results)।

উল্লেখ্য যে, আজি উত্তৰ-পূবৰ দুয়োকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হয়। দেওবাৰে ৬বজাৰ পৰা আৰম্ভ হয় ভোটগণনা ।

অৰুণাচল বিধানসভাত আছে ৬০খন আসন, মেজিক নাম্বাৰ হৈছে ৩১। কিন্তু নিৰ্বাচনৰ পূৰ্বেই ১০খন আসনত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছিল বিজেপি। বাকী ৫০খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। ভোটগ্ৰহণ হোৱা আসনসমূহৰ ভিতৰত ৩৬খনত জয়লাভ কৰে বিজেপিয়ে।

অৰ্থাৎ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱা ১০খন আসন ধৰি বিজেপিয়ে মুঠ ৪৬খন আসন দখল কৰে ৰাজ্যখনত। আনহাতে, ৰাজ্যখনত কংগ্ৰেছে এখন, এনপিপিয়ে ৫খন, এনচিপিয়ে ৩খন আৰু অন্যান্যই ৫খন আসন লাভ কৰে(Arunachal Pradesh Assembly Elections 2024 Results)।

লগতে পঢ়ক : APSC cash for job scam : পুনৰ APSC কেলেংকাৰিৰ অভিযোগত চাকৰিৰ পৰা নিলম্বিত হ’ল আন এগৰাকী ৰাজপত্ৰিত বিষয়া