Local, Vocal, Global

Arunachal Assam Border dispute: ধেমাজীৰ অসম-অৰুণাচল সীমান্তৰ গুলীচালনাৰ এসপ্তাহ,আজিলৈকে দুৰ্বৃত্তক চমজাই দিয়া নাই অসম আৰক্ষীক

ধেমাজি, ১২জুন : ৫ জুন,সোমবাৰে ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী জয়ৰামপুৰৰ পাণবাৰীত সংঘটিত হৈছিল ভয়ংকৰ গুলীচালনাৰ ঘটনা ৷ অৰুণাচলী দুৰ্বৃত্তৰ গুলীচালনাত নিহত হৈছে দুজনকৈ অসমীয়া লোক ৷ ৰাজ্য দুখনৰ সীমান্তৱৰ্তী ভূমিত গছপুলি ৰোপন কৰাক কেন্দ্ৰ কৰি পানবাৰী অঞ্চলটোত অসমীয়া আৰু অৰুণাচলী লোকৰ দুটা ফৈদৰ মাজত প্ৰথমে বাক-বিতণ্ডাৰ সৃষ্টি হয় (Violence in Assam Arunachal border)৷ এই ঘটনাই পৰৱৰ্তী সময়ত সংঘাতৰ ৰূপ লয় (Assam Arunachal Border Clash) ।

ইয়াৰ পিছতে অৰুণাচলী দুৰ্বৃত্তৰ দলটোৱে অসমৰ লোককেইজনৰ ওপৰত আক্ৰমণ চলায় ৷ আক্ৰমণত অৰুণাচলী দুৰ্বৃত্তৰ দলটোৱে কৰা গুলীচালনাত দুজন অসমীয়া লোক গুলীবিদ্ধ হয় ৷ তাৰোপৰি দুৰ্বৃত্তৰ দলটোৱে কৰা চোকা অস্ত্ৰৰ আক্ৰমণত আহত হয় পুষ্প গগৈ আৰু অকনি গোঁহাই নামৰ আন দুজন লোক (Arunachali miscreants killed Assamese people) ৷

৫ জুনৰ বিশ্ব পৰিবেশ দিৱস উপলক্ষে জয়ৰামপুৰ পাণবাৰীৰ অৰুণাচল সীমান্তৱৰ্তী অঞ্চলটোত গছপুলি ৰোপন কৰিছিল অসমৰ লোককেইজনে ৷ জয়ৰামপুৰ পাণবাৰী সীমান্তৱৰ্তী ভূমি সুৰক্ষা সমিতি নামৰ সংগঠনটোৰ উদ্যোগত গছপুলি ৰোপনৰ উদ্দেশ্যে সেই স্থানলৈ গৈছিল লোককেইজন ; কিন্তু সেই সময়তে অৰুণাচলী লোকৰ এটা দল সেই স্থানত উপস্থিত হৈ গছপুলি ৰোপনত হকা-বাধা কৰে ৷ ফলত দুয়োটা দলৰ মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ (Firing at Assam Arunachal border) ৷

অসমৰ ভূমিক অৰুণাচলৰ বুলি দাবী কৰি অৰুণাচলী দুৰ্বৃত্তৰ দলটোৱে গছপুলি ৰোপনত অসমৰ অসমীয়া লোককেইজনক বাধা প্ৰদান কৰে ৷ কিন্তু অসমৰ লোক কেইজনেও উভতি ধৰাত এই সংঘাতৰ সৃষ্টি হয় আৰু পৰিণতিত অসমৰ দুজনকৈ লোকে প্ৰাণ হেৰুৱাব লগা হয় ৷

ইফালে, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘটনা সন্দৰ্ভত( Assam Chief Minister Himanta Biswa Sarma) কয় যে, ধেমাজিৰ গুলীচালনাৰ ঘটনাত নিহত বগা চুতীয়া আৰু মণ্টু গগৈৰ আত্মীয়ক ৫ লাখ টকাকৈ এককালীন সাহায্য(Ex gratia of Rs 5 lakh) দিয়া হ’ব ।

লগতে আহত জগত গগৈ আৰু পুস্পা গগৈকa ১ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব ।ইফালে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু(Arunachal Chief Minister Pema Khandu)ৱে যোৱা ৫ জুনত অসম-অৰুণাচল সীমান্তত সংঘটিত হিংসাত্মক ঘটনাত দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন দুজন লোক আহত হোৱা ঘটনাক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে ।

ধেমাজি অসম-অৰুণাচল সীমান্তৰ এই ভয়ংকৰ গুলীচালনাৰ ঘটনাৰ এসপ্তাহ পাৰ হৈ গ’ল।কিন্তু এসপ্তহ পাৰ হৈ যোৱাৰ পাছটো এতিয়ালোকে অৰুণাচলীয়া দুৰ্বৃত্তক আজিলৈ চমজাই দিয়া নাই অসম আৰক্ষীক। আজি ধেমাজি বৰদলনিত কৃষক মুক্তিৰ প্ৰতিবাদ । প্ৰকৃত দুৰ্বৃত্তক চিনাক্ত কৰি অসম আৰক্ষীক চমজাই দিয়াৰ দাবীৰে কৃষক মুক্তিৰ বিক্ষোভ প্ৰতিবাদ। প্ৰতিবাদত বাধা ধেমাজি প্ৰশাসনৰ ।

লগতে পঢ়ক : Water pipe explosion : মহানগৰীত পুনৰ খাৰঘুলি কাণ্ডৰ পুনৰাবৃত্তি