Local, Vocal, Global

Artificial Flood in Rangia : কৃত্ৰিম বানত ডুবিছে ৰঙিয়াৰ মুৰাৰা খৈৰাবাৰী পথ! এজাক বৰষুণতে জলমগ্ন পথ

ৰঙিয়া, ৩০মে’ : বানত ককবকাইছে ৰঙিয়াৰ ৰাইজে । বলিয়া বানত নহয়, কৃত্ৰিম বানত ডুবিছে ৰঙিয়াৰ মুৰাৰা খৈৰাবাৰীৰ পথ। পথটোৰ কাষত নলা-নৰ্দমা বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰ ফলত পানীৰে উপচি পৰে গুৰুত্বপূৰ্ণ পথটো। পথটো পানীয়ে বুৰাই পেলোৱাত ৰাইজৰ মাজত সৃষ্টি হয় হাহাকাৰময় পৰিৱেশ।

ইফাৰে সমীপতে থকা শংকৰদেৱ শিশু শিকেটনৰ শ-শ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ অহাৰ সময়ত কৃত্ৰিম বানত ডুবি থকা পথটোৰে যাতায়ত কৰিবলৈ বাধ্য হয়। উল্লেখ্য যে, বিগত ২০১৯ চনতে পথটোৰ দুয়োকাষে নলা নিৰ্মাণৰ বাবে ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতাই অনুমোদন জনাইছিল(Artificial Flood in Rangia)।

কিন্তু আজি ৫ বছৰ উকলি যোৱাৰ পিছতো উক্ত স্থানত নলা নিৰ্মাণ নোহোৱাত বিভাগীয় কতৃপক্ষ আৰু ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী। সেয়েহে অতি শীঘ্ৰে নলা নিৰ্মাণৰ দাবী জনাইছে বিভাগীয় কতৃপক্ষক। অন্যথা আন্দোলন গঢ়ি তোলাৰ হুংকাৰ অঞ্চলবাসীৰ।

লগতে পঢ়ক : ভক্তিসেৱাৰ অন্যতম নিৰ্দশন;কম খৰছত দুভাগ গৰুণ্ড পক্ষী নিৰ্মাণ কৰি হৰি মন্দিৰলৈ আগবঢ়ালে পিতা পুত্ৰ