WATCH | Artificial Flood in Hajo : কৃত্ৰিম বানত কুলহাটী-বংশৰ সংযোগী ৰাজপথ
হাজো,৬জুন : হাজোত কৃত্ৰিম বানত কুলহাটী-বংশৰ সংযোগী ৰাজপথ।
পথৰ ওপৰত একাঠু পানী, নাও চলাবলৈ সাজু হৈছে জনসাধাৰণ।
বাৰিষা আহিলে বানত বুৰ গৈ থাকে কুলহাটী-বংশৰ সংযোগী মূল পথতো।
হাজো-শুৱালকুছিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ সমষ্টিত প্ৰকৃততে হৈছে কি? এফালে উন্নয়নৰ কথা আনফালে কৃত্ৰিম বানত ৰাইজ।
এই সদাব্যস্ত মূল পথেৰে নিতৌ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, জনসাধাৰণৰ লগতে চলাচল কৰে হাজাৰ হাজাৰ গধুৰ যানবাহন(Artificial Flood in Hajo)।
এই পথেটোৰে দৈনিক অহা যোৱা কৰা লোকসকলে এতিয়া যমৰ-যন্ত্ৰনাত ভূগিবলগীয়া হৈছে।
পথটোৰ দূৰবস্থা দেখি চকু কপালত উঠিব হয়টো আপোনাৰো…
প্ৰতি বছৰে বাৰিষা কালত বানত জীয়াতু ভুগিব লগা হৈছে এই সকল জনতাই।
বছৰ বছৰ ধৰি চৰকাৰ তথা জিলা প্ৰশাসনক ৰাইজে বান সমস্যাৰ বিষয়ে অৱগত কৰি আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ স্থাপন কৰিছে ভুক্তভোগী জনতাই।
লগতে পঢ়ক :WATCH | Dilapidated bridge in Boko : এখন বাঁহৰ দলঙে এতিয়া জ্বলা কলা খুৱাইছে বকোৰ ৰাইজক