WATCH | Artificial Flood in Biswanath : কৃত্ৰিম বানে জীয়াতু ভোগাইছে বিশ্বনাথৰ ৰাইজক

বিশ্বনাথ,১৫মে’ : ৰাজ্যৰ ভিন্ন স্থানত অব্যাহত মুষলধাৰ বৰষুণ! ঠায়ে ঠায়ে সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ । কৃত্ৰিম বানে জীয়াতু ভোগাইছে ৰাইজক(Artificial Flood in Biswanath) ।
বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পিচতেই ৰাজ্যৰ ভিন্ন স্থানত অব্যাহত আছে মুষলধাৰ বৰষুণ। ঠায়ে ঠায়ে সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ। এইবাৰ এজাক বৰষুণতেই হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে বিশ্বনাথত।
বিশ্বনাথৰ ৫ নং ৱাৰ্ডত কৃত্ৰিম বানপানীত শতাধিক পৰিয়াল নাজল নাথল অৱস্থা।
বিশ্বনাথ বিধানসভা সমষ্টিৰ শান্তিপুৰৰ ৫নং ৱাৰ্ডত কৃত্ৰিম বানপানীৰ কবলত পৰিছে শতাধিক পৰিয়াল ৷ ড্ৰেনৰ ব্যৱস্থা আছে যদিও আধৰুৱা ৷ এই সমস্যা সম্পৰ্কত বাৰম্বাৰ পৌৰসভা কাৰ্যালয়ৰ বিষয়া তথা ৱাৰ্ড কমিছনাৰক ড্ৰেনৰ ব্যৱস্থা কৰিবলৈ কৈছিল যদিও আজিকোপতি নহ’ল আধৰুৱা ড্ৰেইনৰ কাম। ৰাইজৰ অভিযোগ মাষ্টৰ ড্ৰেইনৰ কাম নোহোৱাৰ বাবে এই সমস্যাৰ সৃষ্টি হৈছে৷
যাৰ ফলত অলপ বৰষুণতে ৫নং ৱাৰ্ডৰ ঘৰে ঘৰে শোৱা ৰুম, পাকঘৰ আদিত পানী সোমাই একাঠু একাঠু পানীৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়লৈ যোৱাৰ সমস্যা হৈছে ৷ সেয়ে ৰাইজে এই সমস্যা সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনায়।
লগতে পঢ়ক :WATCH | Biswanath News : বিহালীৰ মোনাবাৰী গাওঁ পঞ্চায়তৰ সভাপতি পদৰ বাবে ৰাইজৰ বিপুলৰ দাবী