Local, Vocal, Global

দুলীয়াজানত ড্রাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

নিউজ ডেস্ক, ৩০ মে’- চলিত হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখনে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

সমান্তৰালভাৱে আৰক্ষী প্ৰশাসনে প্ৰত্যেক দিনাই ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা নিষিদ্ধ কৰা ড্ৰাগছ উদ্ধাৰ কৰা বাতৰিয়ে স্থান লাভ কৰে।

সোমবাৰে ডিব্রুগড় জিলাৰ দুলীয়াজানতো ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলে।

ভাদৈ পাঁচআলিৰ নগাজান অঞ্চলত চলা অভিযানত আৰক্ষীয়ে ড্রাগছসহ এটা সৰবৰাহকাৰী গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত সৰবৰাহকাৰীটো দুলীয়াজানৰ কঠালগুৰিৰ ডাইমন শইকীয়া বুলি জানিব পৰা গৈছে।

যুৱকজনৰ পৰা ড্রাগছ সেৱনত ব্যৱহৃত বহু সামগ্রী উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

ধৃত যুৱকজনক সম্প্ৰতি ডিব্রুগড় কাৰাগাৰলৈ প্রেৰণ কৰিছে ।