Watch | Arrest of the notorious thief by the Dahlgaon police: কুখ্যাত চোৰক আটক দলগাঁও আৰক্ষীৰ
দলগাঁও: দেশৰ ভিতৰত বিখ্যাত চোৰক আটক দলগাঁও আৰক্ষীৰ। ৰঙিয়াৰ পৰা আটক কৰে অনিল চৌহান নামৰ চোৰটোক। অনিল চৌহানে তেজপুৰত বাহৰ পাতি থাকে বুলি জানিব পৰা গৈছে। এই চোৰটোৰ কাহিনী শুনিলে আঁচৰিত হব। এৰোপ্লেন উঠি আহি অসমত চোৰৰ কৰিবলৈ আহে অনিল চৌহানে। গোটেই ভাৰতবৰ্ষত বহুতো গোচৰ আছে অনিল চৌহানৰ বিৰুদ্ধে।
১৪ জুন তাৰিখে নিশা দলগাঁৱৰ কবিৰ আলি ঘৰৰ পৰা চুৰি হৈছিলে ড্ৰাম্পাৰ। দলগাঁও আৰক্ষীৰ গোপন খবৰ ভিত্তিত দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ নাৰ্জাৰীৰ নেতৃত্বত দলগাঁও উপ-পৰিদৰ্শক বুদ্ধিন হাজৰিকাৰ লগতে দলগাঁও থানৰ এডল আৰক্ষীয়ে নাগালেণ্ড কহিমাৰ পৰা ড্ৰাম্পাৰ সৈতে চোৰটোক আটক কৰিবলৈ সক্ষম হৈছে। লগতে আটক হোৱা চুৰজ সিঙৰ ঘৰ অৰুণাচলৰ টাৱাংত ঘৰৰ বুলি জানিব পৰা গৈছে। চুৰজ সিংক আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছিলে।
আনহাতে ,দলগাঁও আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও দলগাঁও আৰক্ষীয়ে ড্ৰাম্পাৰ চোৰৰ সন্দৰ্ভত দেশৰ ভিতৰত কুখ্যাত চোৰ অনিল চৌহান জড়িত হৈ আছিল বুলি জানিবলৈ দিয়ে আৰু অৱশেষত কুখ্যাত চুৰ অনিল চৌহানক দলগাঁও আৰক্ষীয়ে আটক কৰে ।