Local, Vocal, Global

Ganeshguri Youth Death : ইক্ৰাম হুছেইনৰ হত্যা প্ৰসংগত দিছপুৰ আৰক্ষীৰ জালত ৪ অভিযুক্ত

নিউজ ডেস্ক, ৮ ফেব্ৰুৱাৰী : ইক্ৰাম হুছেইনৰ হত্যা প্ৰসংগত দিছপুৰ আৰক্ষীৰ জালত ৪ অভিযুক্ত । আৰক্ষীৰ জালত ইক্ৰামৰ বন্ধু বিপুল দাস,গৌতম বসুমতাৰী,প্ৰাঞ্জল বৰ্মন আৰু জিতু। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা সংগ্ৰহ কৰিছে CCTV ফুটেজ(Arrest Made In Connection To Youth’s Death In Ganeshguri) ।

উল্লেখ্য যে, সোমবাৰে নিশা গনেশগুৰিত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা । সোমবাৰে নিশা ইক্ৰাম হুছেই দলবদ্ধ আক্ৰমন কৰিছিল যুৱকে। সামান্য কথাতে মুৰত প্ৰচণ্ড আঘাত কৰিছিল যুৱকজনক।এই ঘটনাৰ পিছতে লগে লগে দিচপুৰ পলিক্লিনিক ভৰ্তি কৰিছিল পৰিয়ালৰলোকে। কিন্তু মূৰত আঘাট পোৱা ইক্ৰাম হুছেইন মঙলবাৰে দিনৰ তিনি বজাত হাস্পতালতে মৃত্যু হয়(Guwahati Youth Falls Prey to Brutal Assault by Mob)।

এই ঘটনাৰ পিছতে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকৰ এজাহৰ পিছতে তৎপৰ হয় দিছপুৰ আৰক্ষীৰ । আৰম্ভ কৰে ঘটনা সন্দৰ্ভত তদন্ত ।

আৰক্ষীৰ জোৰদাৰ অভিযানত গ্ৰেপ্তাৰ ইজন পিছত সিজন অভিযুক্ত(Ganeshguri Youth Death)।

জানিব পৰা মতে, ঘটনাৰ মূল অভিযুক্ত সঞ্জীৱ বৰ্মন আৰু জিতু বৈশ্যক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বিৰিয়ানি দোকানী জিতু বৈশ্য বন্ধু অভিযুক্ত সঞ্জীৱ বৰ্মন। নলবাৰীৰ বেলশৰ থানা এলেকাৰ পৰা গ্ৰেপ্তাৰ দুয়োকে।

লগতে পঢ়ক : Guwahati Youth Falls Prey to Brutal Assault by Mob : মহানগৰীত নৃশংস হত্যাকাণ্ড!