Local, Vocal, Global

Army Rescues Over 800 Stranded Tourists : উদ্ধাৰ হ’ল চিক্কিমৰ উচ্চ এক অঞ্চলত আৱদ্ধ হৈ থকা প্ৰায় ৮০০ গৰাকী পৰ্যটক

নেশ্যনেল ডেস্ক, ১৪ ডিচেম্বৰ : উদ্ধাৰ হ’ল চিক্কিমৰ উচ্চ এক অঞ্চলত আৱদ্ধ হৈ থকা প্ৰায় ৮০০ গৰাকী পৰ্যটক (Army Rescues Over 800 Stranded Tourists)।
বুধাবাৰে ভাৰতীয় সেনাই উদ্ধাৰ কৰে আৱদ্ধ হৈ থকা পৰ্যটকক(Over 800 tourists stranded due to snowfall in Sikkim rescued by Army) ।

উল্লেখ্য যে ভাৰতীয় সেনাৰ এটা বিভাগ ত্ৰিশক্তি কৰ্পছৰ সৈন্যই এই উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল আৰু বুধাবাৰে সন্ধিয়ালৈকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল অৱশেষত বুধবাৰে সন্ধিয়াই উদ্ধাৰ কৰিলে চিক্কিমৰ উচ্চ এক অঞ্চলত আৱদ্ধ হৈ থকা প্ৰায় ৮০০ গৰাকী পৰ্যটকক।

জানিব পৰা মতে বুধবাৰে হোৱা তুষাৰপাত আৰু বেয়া বতৰৰ বাবে পূৱ চিক্কিমৰ বহু অঞ্চলত আৱদ্ধ হৈ আছিল পৰ্যটক। এই পৰ্যটকসকলৰ ভিতৰত বয়োজ্যেষ্ঠ ব্যক্তি, শিশু আৰু মহিলাও আছিল(Army Rescues Over 800 Stranded Tourists In Sikkim)।

পৰ্যটকসকলৰ আৱদ্ধ হৈ পৰাৰ পিছত ভাৰতীয় সেনাই বুধবাৰৰ দিনৰ ভাগৰ পৰা সন্ধিয়ালৈকে আৰম্ভ কৰে অভিযান আৰু সন্ধিয়ালৈ সকলো পৰ্যটকক সুকলমে সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰে।

বিষয়াসকলে জানিবলৈ দিয়া মতে সকলো পৰ্যটকক আশ্ৰয়, গৰম কাপোৰ, চিকিৎসা আৰু গৰম আহাৰ প্ৰদান কৰা হৈছিল। সৈন্যবাহিনীয়ে আৱদ্ধ পৰ্যটকসকলক স্থান দিবলৈ তেওঁলোকৰ বেৰেকবোৰো খালী কৰিছিল(Army Rescues 800+ Tourists Amid Snow in Sikkim)।

লগতে পঢ়ক : Three Found Dead on Railway Track : ৰে’লৰ খুন্দাত নিহত এটা পৰিয়ালৰে ৩গৰাকী সদস্যৰ