Army Chief Gen Dwivedi reviews security situation along China border, Manipur : প্ৰথমবাৰৰ বাবে উত্তৰ-পূব ভ্ৰমণলৈ আহিছে ভাৰতীয় সেনাবাহিনীৰ সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী
নেশ্যনেল ডেস্ক,১৩জুলাই : প্ৰথমবাৰৰ বাবে উত্তৰ-পূব ভ্ৰমণলৈ আহিছে ভাৰতীয় সেনাবাহিনীৰ সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী । তেওঁৰ এই প্ৰথম ভ্ৰমণত অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ চীন সীমান্তৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰে।
সেনা বিষয়াসকলে এ এন আইক জনোৱা অনুসৰি, ডিমাপুৰৰ ৩ ক’ৰ্পছৰ মুখ্য কাৰ্যালয়কে ধৰি ইষ্টাৰ্ণ আৰ্মী কমাণ্ডৰ অধীনৰ সকলো ক’ৰ্পছলৈ তেওঁৰ এই দুদিনীয়া ভ্ৰমণসূচী আছিল । ভ্ৰমণকালত জেনেৰেল দ্বিবেদীক বিগত এটা বছৰত বৃহৎ মাত্ৰাত জাতিগত হিংসাৰ বলি হোৱা মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে(Army Chief Gen Dwivedi reviews security situation along China border, Manipur) ।
জানিব পৰা মতে, বৃহস্পতিবাৰে ভ্ৰমণসূচী আৰম্ভ কৰা দেশৰ সেনাপ্ৰধানগৰাকীয়ে তেজপুৰস্থিত গজৰাজ ৪ ক’ৰ্পছ পৰিদৰ্শন কৰে । তাত তেওঁক চীনৰ সৈতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ বৰ্তমানৰ পৰিস্থিতি আৰু তাত কাৰ্যকৰী প্ৰস্তুতিৰ বিষয়ে অৱগত কৰা হয় ।
আনহাতে, তেওঁ চুকনাস্থিত ৩৩ ক’ৰ্পছৰ মুখ্য কাৰ্যালয় ভ্ৰমণৰ সময়ত ছিকিমত চলি থকা আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰে । এই ৩ ক’ৰ্পছে অৰুণাচল প্ৰদেশৰ বাকী অঞ্চলৰ চোৱাচিতা কৰে । আনহাতে, অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰ চোৱাচিতা কৰাৰ দায়িত্বত আছে সেনাবাহিনীৰ ৪ ক’ৰ্পছ । ইফালে ছিকিম আৰু পশ্চিমবংগত যুঁজাৰু গোটৰ সৈতে ৩৩ ক’ৰ্পছে অন্যান্য দায়িত্বৰ লগতে ছিকিমত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ চোৱাচিতা কৰে ।এই ভ্ৰমণকালত সেনাপ্ৰধানগৰাকীৰ সৈতে ইষ্টাৰ্ণ আৰ্মী কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল আৰ চি তিৱাৰীয়েও সংগ দিয়ে ।
উল্লেখ্য, ৩০ জুনত সেনাপ্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিচত এইটো হৈছে জেনেৰেল দ্বিবেদীৰ প্ৰথমটো উত্তৰ-পূব ভ্ৰমণ কাৰ্যসূচী ।ভাৰতীয় সেনাৰ চীফ অব আৰ্মী ষ্টাফ জেনেৰেল মনোজ পাণ্ডেয়ে সেৱাৰ পৰা অৱসৰ লোৱাৰ পিচত দেওবাৰে জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে ৩০ সংখ্যক চীফ অব আৰ্মী ষ্টাফৰ দায়িত্ব গ্ৰহণ কৰে(Army Chief Gen Dwivedi reviews security situation along China border, Manipur) ।
লগতে পঢ়ক : Tiger terror at Dibrugarh : বান পৰিস্থিতিৰ ভয়াৱহতাৰ মাজতে ডিব্ৰুগড়ত বাঘ আতংক