Army Captain Killed In J&K Encounter : জম্মু কাশ্মীৰত সেনা-উগ্ৰপন্থীৰ গুলীয়াগুলী; শ্বহীদ এজন সেনা জোৱান
নিউজ ডেস্ক,১৪আগষ্ট : পুনৰ উত্তপ্ত কাশ্মীৰ। কাশ্মীৰত সেনা-উগ্ৰপন্থী সংঘাত । সংঘাতত চাৰিজন উগ্ৰপন্থীক হত্যা । শ্বহীদ সেনাজোৱান(Army Captain Killed In J&K Encounter) ।
ভাৰতীয় সেনাৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মঙলবাৰে সন্ধিয়া ৬ বজাৰ উধমপুৰত উগ্ৰপন্থীক উদ্ধাৰ কৰে সেনাই। তাৰ পিছতে আৰম্ভ হায় গুলীয়াগুলী। আধা ঘণ্টাৰ ধৰি প্ৰচণ্ড গুলীচালনা হয়। সেই সময়লৈকে সমগ্ৰ অঞ্চলটো ভাৰতীয় সেনা আৰু আৰক্ষীয়ে ঘেৰি ধৰিছিল। ইয়াৰ পিছত সেনা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰে। পিছদিনা ৰাতিপুৱা প্ৰায় ৭:৩০ বজাত পুনৰ গুলীচালনা আৰম্ভ হয়। ইয়াৰ কিছু সময়ৰ পিছতে ভাৰতীয় সেনাই চাৰিজন উগ্ৰপন্থীক হত্যা কৰে(Army Captain killed in action during encounter in Jammu and Kashmir’s Doda)।
জানিব পৰা মতে, ডোডা অঞ্চলৰ ঘন বনাঞ্চলৰ পৰাই এই সংঘৰ্ষৰ সূত্ৰপাত হয়। জম্মু-কাশ্মীৰ আৰক্ষীৰ লগতে চাৰ্চ অপাৰেচন ফৰ্চ (কাস্কো)ৰ এই অভিযান চলে। কাশ্মীৰৰ ডোডাৰ শিৱগড়-আছাৰ অঞ্চলত উগ্ৰপন্থী সংগঠনটোৱে আত্মগোপন কৰি থকা বুলি সেনা বাহিনীলৈ এই তথ্য আহিছিল। সেই অনুসৰি অপাৰেচন আৰম্ভ হয়। সেনাই দাখিল কৰা এক বিবৃতি অনুসৰি গুলীয়াগুলীত ৪ জন উগ্ৰপন্থী নিহত হয়, মৃত উগ্ৰপন্থীৰ পৰা এম-৪ কাৰবাইন ৰাইফল উদ্ধাৰ কৰা হৈছে।
সেনাই ঘটনা সন্দৰ্ভত কয় যে, “উগ্ৰপন্থীসকল আছাৰ অঞ্চলত আত্মগোপন কৰি আছিল, আমি তাৰ পৰাই তেওঁলোকৰ সন্ধান উলিয়ালো।” উধামপুৰ জিলাৰ জংঘলৰ পাটনিটোপ অঞ্চলৰ পৰা ডোডাত প্ৰৱেশ কৰিব বিচাৰিছিল উগ্ৰপন্থী সংগঠনটোৱে। সেই সময়ত সেনাবাহিনীৰ পৰাই আৰম্ভ হৈছিল গুলীচালনা।