Local, Vocal, Global

Arms seized in Manipur : মণিপুৰত উদ্ধাৰ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ, উদ্ধাৰ দুষ্কৃতিকাৰীয়ে লুটি নিয়া মাৰণাস্ত্ৰ

নিউজ ডেস্ক, ২৬ অক্টোবৰ : পুনৰ মণিপুৰত উদ্ধাৰ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ। বুধবাৰে মণিপুৰত নিৰাপত্তাৰক্ষীৰ অভিযান । অভিযানত জব্দ দুষ্কৃতিকাৰীয়ে লুটি নিয়া মাৰণাস্ত্ৰ(Arms seized in Manipur) ।

অব্যাহত আছে চুবুৰীয়া ৰাজ্য মণিপুৰত মাৰণাস্ত্ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । বুধবাৰে থাউবাল, কাকছিং, বিষ্ণুপুৰৰ ভিন্ন প্ৰান্তত নিৰাপত্তাৰক্ষীয়ে চলাই অভিযান(Search operations were conducted by security forces in the fringe and vulnerable areas of Thoubal, Bishnupur, and Kakching districts) ।

অভিযানত বুধবাৰে দুষ্কৃতিকাৰীয়ে লুটি নিয়া মাৰণাস্ত্ৰ উদ্ধাৰ কৰে নিৰাপত্তাৰক্ষীয়ে। উদ্ধাৰ কৰে AK47 দুটা, M-16 ৰাইফল এটা, M-Q ৰাইফল এটা। A-1 ৰাইফল এটা, G-3 ৰাইফল এটা, 9mm পিষ্টল তিনিটা। INSAS ৰাইফল চাৰিটা, 7.62mm SLR সাতটা, 40mm Lethod Gun এটা। ৩০৩ ৰাইফল চাৰিটা, UBGL দুটা, হেণ্ড গ্ৰেণেড ৪৪ টা উদ্ধাৰ। HELMET MINE BOMB ১১টা, টিউব লান্সাৰ ২০টা। গ্ৰেণেড লান্সাৰ টিউব ১৫ টা, MORTER SHELL চাৰিটা উদ্ধাৰ।

লগতে উদ্ধাৰ সক্ৰিয় গুলী, মেগজিনসহ বহু বিস্ফোৰক সামগ্ৰী। বিগত ৪৮ ঘণ্টাত নিৰাপত্তাৰক্ষীয়ে ৰাজ্যখনত মাৰাথন অভিযান চলাই ।

লগতে পঢ়ক : Arms seized in Manipur : অব্যাহত আছে মণিপুৰত মাৰণাস্ত্ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান