Arms Seized in Karbi Anglong : লাহৰিজানত জব্দ অবৈধ মাৰণাস্ত্ৰ আৰু নগদ ধন সহ এজন যুৱক
নিউজ ডেস্ক, ২৭ ডিচেম্বৰ : অব্যাহত আছে অসম-নাগালেণ্ড সীমান্তঞ্চলত অবৈধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী তীব্ৰ অভিযান ৷ আৰক্ষীৰ অভিযানৰ মাজতে প্ৰতিদিনে সৰবৰাহ হৈ আছে মাৰণাস্ত্ৰ(Arms Seized in Karbi Anglong) ৷
পুনৰ জব্দ অবৈধ মাৰণাস্ত্ৰ আৰু নগদ ধন সহ এজন যুৱক । আৰক্ষী আৰু চিআৰপি এফৰ যৌথ অভিযানত জব্দ অবৈধ মাৰণাস্ত্ৰ ।
অসম-নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলং জিলাৰ লাহৰিজানত জব্দ অবৈধ মাৰণাস্ত্ৰ আৰু নগদ ধন ৷
মঙলবাৰে নিশা এক গোপন সুত্ৰৰ পম খেদি বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰহ্মৰ নেতৃত্বত ডিলাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতুল শইকীয়া, লাহৰিজান আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিৎ ভূঞা, চিআৰপি এফৰ এটা দল আৰু থানা ষ্টাফৰ সহযোগত লাহৰিজান পেট্ৰ’ল পাম্পৰ ওচৰত এটা নিয়মীয়া নাকা স্থাপন কৰা হয় ৷
আৰক্ষী আৰু চিআৰপি এফৰ নিয়মীয়া তালাচীকালত মণিপুৰ দিশৰ পৰা আহি থকা এখন ছুইফ্ট ডিজায়াৰ গাড়ীৰ পৰা এটা ৩৮ MM পিষ্টল, এটা মেগজিন, ১২ জাঁই সজীৱ গুলী আৰু দুই লক্ষাধিক নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ লগতে আৰক্ষীয়ে মাৰণাস্ত্ৰ আৰু নগদ ধন সৰবৰাহৰ লগত জড়িত এজন লোকক আটক কৰে । আটকাধীন লোকজন কাছাৰ জিলাৰ লক্ষীপুৰৰ মঃ মফিজ উদ্দিন (32) জানিব পৰা গৈছে(Karbi Anglong One Person Apprehanded With Arms and Amunation) ৷
জানিব পৰা মতে, এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ছয়জনক আটক কৰিছিল ৷ যদিও মফিজ উদ্দিন এই ঘটনাত জড়িত বুলি নিশ্চিত বুলি আৰক্ষীৰ সূত্ৰে জানিবলৈ দিছে ৷ আৰক্ষীয়ে জব্দ কৰা মাৰণাস্ত্ৰ আৰু নগদ ধনখিনি ইতিমধ্যে থানালৈ লৈ যায় ৷
আৰক্ষীয়ে আটক কৰা ধৃত মফিজ উদ্দিনক অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্য়াহত ৰাখিছে ৷