Local, Vocal, Global

Arms Recovered in Manipur : মণিপুৰত উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

নেশ্যনেল ডেস্ক, ২০ছেপ্টেম্বৰ : অশান্ত মণিপুৰ ! শান্ত হোৱা নাই মণিপুৰ, অব্য়াহত আছে মণিপুৰৰ হিংসাত্মক ঘটনা । তাৰ মাজতে মণিপুৰত উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ ।

উল্লেখ্য যে মণিপুৰত আৰক্ষীয়ে মাৰণাস্ত্ৰৰ বিৰুদ্ধো অভিযান চলাই আছিল । এই অভিযানৰ অংশ স্বৰূপে মঙলবাৰে আৰক্ষীয়ে মণিপুৰত কেইবাটাও অঞ্চলত মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান চলাই(Arms Recovered in Manipur) ।

নিৰাপত্তা বাহিনীয়ে এই অভিযান জব্দ কৰে বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ কেতবোৰ বিস্ফোৰক সামগ্ৰী। আৰক্ষীৰ এই অভিযান কাৰ্য্য মণিপুৰৰ বিষ্ণুপুৰ,চুৰাচান্দপুৰ আৰু থৌবাল জিলাৰ বিভিন্ন এলেকাত চলাই(weapon seizes in Manipur) ।

মণিপুৰ আৰক্ষীয়ে সদৰি কৰা অনুসৰি , অভিযান কালত থৌবাল জিলাৰ পৰা ২টা বন্দুক, ১৫ জাই গুলী আৰু ৩ টা শক্তিশালী বোমা উদ্ধাৰ কৰা হয়। পিছত এই অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক ‌সামগ্ৰীসমূহ জব্দ কৰা হয়।

লগতে পঢ়ক :India Expels A Senior Canadian Diplomat : ৫ দিনৰ ভিতৰতে ভাৰত এৰি যাবলৈ নিৰ্দেশ জ্যেষ্ঠ কানাডিয়ান কূটনীতিবিদক