Local, Vocal, Global

Arms and Explosives Recovered in Joint Operations : মণিপুৰত জব্দ অবৈধ মাৰণাস্ত্ৰ ; গ্ৰেপ্তাৰ তিনি কেচিপি উগ্ৰপন্থী

নিউজ ডেস্ক,৮জুন : অব্যাহত আছে চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ সৰবৰাহ । তাৰ সমান্তৰালৈক অব্যাহত আছে নিৰাপত্তা বাহিনীৰ অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান(Arms and Explosives Recovered in Joint Operations) ।

নিৰাপত্তা বাহিনীৰ অভিযানত বিষ্ণুপুৰ জিলাৰ তেৰাখংশ্বাংবি এলেকাৰ‌ চনথং গাঁৱত নিৰাপত্তা বাহিনীয়ে বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ কৰে।

অভিযান কালত জব্দ কৰে ১টা পম্পি মৰ্টাৰ, মেগজিনৰ‌ সৈতে ১টা SMG কাৰবাইন, মেগজিনৰ সৈতে ১টা পইণ্ট থ্ৰী জিৰো থ্ৰী ৰাইফল, ১.৫ কিলোগ্ৰাম ওজনৰ‌ ১টা আই ই ডি, কভাৰৰ সৈতে ২টা শ্বেল ম’ৰ্টাৰ, ৫ টা 36 HE গ্ৰেণেড, ৬ ডাল ডিটনেটৰ‌সহ আৰু বহুতো বিস্ফোৰক‌ সামগ্ৰী(Army Recovers Arms And Explosives In Manipur) ।

ইফালে, উগ্ৰপন্থী বিৰোধী অভিযান চলাই কাকচিং জিলাৰ পাংগনটাবি অঞ্চলৰ পৰা নিষিদ্ধ সংগঠন ‘কে চি পি’ৰ তিনিজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে মণিপুৰ আৰক্ষীয়ে।ধৃত উগ্ৰপন্থী কেইজন থোকচোম চনো ওৰফে আমুজাও সিং, লাইশ্ৰম বীৰদিনা মেইটেই আৰু খুন্দৰ কপাম ৰজিত সিং ওৰফে‌ ৱাশ্বিংটন(
Arms and Explosives Recovered in Joint Operations in Manipur)।

তিনিও উগ্ৰপন্থী বিভিন্ন ধন দাবীৰ সৈতে জড়িত আছিল। উগ্ৰপন্থী কেইটাৰ পৰা এখন চাৰিচকীয়া বাহন‌ আৰু তিনিটা মোবাইল ফোনো জব্দ কৰা হৈছে।